গণেশপাৰাত মুকলি বিহু
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ গণেশপাৰাস্থিত লক্ষ্মীনগৰত শ্ৰীশ্ৰী লক্ষ্মী মন্দিৰ সমিতি আৰু যুৱ সমাজৰ সহযোগত ১৬ এপ্ৰিলত প্ৰথম বাৰ্ষিক মুকলি বিহু উদ্যাপন কৰা হয়৷কাৰ্যসূচী অনুসৰি বিহুৰ পতাকা উত্তোলন কৰে সভাপতি প্ৰদীপ কলিতাই৷সুৰেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ শিল্পীসকলে সমবেত গীত পৰিৱেশন কৰি শুভাৰম্ভ কৰে৷সম্পাদক মৃনাল দাস,সহকাৰী সম্পাদকদ্বয় ৰূপম সূত্ৰধৰ,মানসজ্যোতি লহকৰে আঁত ধৰা মুকলি সভাত পৌৰোহিত্য কৰে কে চি দাস কমাৰ্চ কলেজৰ অধ্যাপক ড° বিজয় কলিতাই৷সভাত মুখ্য অতিথি,গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ প্ৰাক্তন সভাপতি শিৱ প্ৰসাদ ভট্টাচাৰ্যই বিহুৰ তাৎপৰ্য বিশদভাৱে ব্যাখ্যা কৰে৷সভাত সুৰেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা ৰীনা দাস,সাংবাদিক,জনসেৱাৰ সম্পাদক নুৰুল হক আহমেদ,সমাজকৰ্মী জ্যোতিষ চন্দ্ৰ লহকৰ আদি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্হিত থাকে৷অনুষ্ঠানৰ লগত সংগতি ৰাখি সম্পাদক,শিল্পী মৃনাল দাস আৰু কস্তুৰী কাশ্যপৰ পৰিচালনাত সুৰেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ শিল্পীসকলে বিহু হুঁচুৰি,বিতোপন কলিতাই গীতাৰ বাদন,ৰাজশ্ৰী লহকৰ,সুশ্ৰিতা কলিতা,মিটুশ্ৰী কলিতাই বিহু গীত,কণমানি শিশু মুনমুন বৈশ্যই বিহু নৃত্য পৰিৱেশন কৰি উপস্হিত ৰাইজক আমোদ দিয়ে৷খেল- ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয়৷
