গণেশপাৰাত জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা

গণেশপাৰাত জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ গণেশপাৰাৰ চম্পক নগৰ উন্নয়ন সমিতিয়ে নতুন বছৰৰ পহিলা দিনটোত আশী বছৰৰ আশে পাশে হোৱা পুৰুষ- মহিলা কেইবাজনো ব্যক্তিৰ বাসস্হানত গৈ সম্বৰ্ধনা জনোৱা হয়৷উন্নয়ন সমিতিৰ সভাপতি কুঞ্জ দাস আৰু সাধাৰণ সম্পাদক নৱ প্ৰসাদ শৰ্মাৰ উপৰিও সমিতিৰ বিষয়ববীয়া অৱসৰপ্ৰাপ্ত অধ্যাপক সুশীল চন্দ্ৰ বৰঠাকুৰ,চিকিৎসক ডা° সতীশ তালুকদাৰ,অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পৰেশ ডেকা,লংকেশ্বৰ ডেকা,অনি বড়ো,দুলাল দাস,ধনেশ্বৰ ঠাকুৰীয়া,গোপী ভূঞা,পৰেশ শৰ্মা,অচ্যুৎ তালুকদাৰ,হৰেণ শৰ্মা,সুৰেন শৰ্মা,মুকুল গোস্বামী,বীৰেন শৰ্মা,নিৰঞ্জন তালুকদাৰ,মনোমতী তালুকদাৰ আদিৰ সহযোগত এখন গামোচা,মানপত্ৰ আৰু এটি মিঠাইৰ টোপোলাৰ সৈতে জ্যেষ্ঠ নাগৰিকসকলক সম্বৰ্ধনা জনোৱা হয়৷চম্পক নগৰ উন্নয়ন সমিতিৰ এই পদক্ষেপ প্ৰথম হোৱা বাবে অঞ্চলটোৰ ৰাইজে প্ৰশংসা কৰে৷