গণিৰগ্ৰামৰ JR HS স্কুল কেন্দ্ৰৰ ইংৰাজী বিষয়ৰ পৰীক্ষা খাৰিজ
ৰঙিলী বাৰ্ত্তাসেৱা- কাছাৰৰ গণিৰগ্ৰাম JR HS উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰৰ মেট্ৰিক পৰীক্ষাৰ সকলো পৰীক্ষাৰ্থী পুনৰ অৱতীৰ্ণ হ’ব লাগিব ইংৰাজী বিষয়ৰ পৰীক্ষাত। উল্লেখযোগ্য যে, যোৱা ৩ মাৰ্চত অনুষ্ঠিত হোৱা মেট্ৰিকৰ ইংৰাজী বিষয়ৰ পৰীক্ষাত কাছাৰ জিলাৰ গণিৰগ্ৰামৰ B23-0138 নং জে আৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত একাংশ পৰীক্ষাৰ্থীয়ে অসৎ উপায় অৱলম্বন কৰিছিল। সেয়েহে এই কেন্দ্ৰটোৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদ।কাছাৰ জিলা উপায়ুক্তৰ এক প্ৰতিবেদনৰ ভিত্তিত আজি অসম মাধ্যমিক শিক্ষা পৰিষদে জাৰি কৰিছে এক নিৰ্দেশনা। নিৰ্দেশনা অনুসৰি, জে আৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰৰ ৩ মাৰ্চৰ ইংৰাজী বিষয়ৰ কোনো পৰীক্ষাৰ্থীৰে উত্তৰবহী মূল্যায়ন কৰা নহ’ব। লগতে কেন্দ্ৰটোৰ ৭৬০ জন পৰীক্ষাৰ্থীয়ে পুনৰ ইংৰাজী বিষয়ৰ কম্পাৰ্টমেন্টেল পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব।
