গণিতৰ চাৰি প্ৰক্ৰিয়া- বন্দিতা শৰ্মা কন্দলি

Pc- Leverage Edu

গণিতৰ চাৰি প্ৰক্ৰিয়া

বিশ্ব ব্ৰহ্মাণ্ড বিশেষ গাণিতিক নিয়মৰ মাজেৰে গতিশীল অৱস্থাত আছে।আমিও আমাৰ কাম-কাজত বিশেষ নিয়ম মানি চলিবলৈ চেষ্টা কৰোঁ বা কৰি আহিছোঁ। উদাহৰণস্বৰূপে বিদ্যালয়ৰ প্ৰাতঃ সভাত পোণ ভাবে থিয় হ’ব লাগে,হাত যোৰ কৰিব লাগে, প্ৰাৰ্থনা কৰোঁতে চকু মুদি একান্ত মনেৰে আধ্যাত্মিকতাৰে নেদেখা জনক স্মৰণ কৰিব লাগে, জাতীয় সংগীত গোৱাৰ সময়ত থিয় হ’ব লাগে, একাগ্ৰ‌তাৰে সংগীত টো গাই ৫২ চেকেণ্ডৰ ভিতৰত গান গাই শেষ কৰিব লাগে ইত্যাদি। ঠিক একেদৰে গণিতৰ সমস্যা সমাধান কৰিবলৈ কিছুমান নিয়ম ক্ৰমত মানি চলিব লাগে। আহাচোন চাওঁ আমি গণিতৰ চাৰি প্ৰক্ৰিয়াযুক্ত সমস্যা সমাধান কৰিবলৈ কেনেদৰে ক্ৰমত আগবাঢ়িব লাগে! চাৰি প্ৰক্ৰিয়া হ’ল যোগ (+), বিয়োগ (-), পূৰণ (×) ,হৰণ (÷) । গণিতৰ চাৰি প্ৰক্ৰিয়াত ক্ৰমে হৰণ ,পূৰণ,যোগ বা বিয়োগ যিটো আগত থাকে তাৰ কাম আগতে কৰিব লাগে। কোনো এটা ৰাশিত যদি দুটা বা তিনিটা প্ৰক্ৰিয়া থাকে তেতিয়া সেই প্ৰক্ৰিয়াৰ ক্ৰম নিৰ্ধাৰণ কৰি কাৰ্য কৰিব লাগে। উদাহৰণ স্বৰূপে 5 × 4+7=20+7=27 এই ৰাশি টোত প্ৰক্ৰিয়াৰ ক্ৰম অনুসৰি প্ৰথমে পূৰণৰ কাম তাৰ পিছত যোগৰ কাম কৰা হৈছে। সেই দৰে
18÷2-6÷3+4÷2
=9-2+2=7+2=9 ইয়াত হৰণৰ প্ৰক্ৰিয়াসমূহ আগতে কৰি পাছত যোগ আৰু বিয়োগৰ কাম কৰা হৈছে।

গণিতৰ কিছুমান সমস্যা সমাধান কৰিবলৈ বন্ধনীৰ ব্যৱহাৰ কৰা হয়।আমি তিনি প্ৰকাৰৰ বন্ধনী ব্যৱহাৰ কৰি আহিছোঁ। প্ৰথম বন্ধনী বা সৰু বন্ধনী ‘( )’ ; দ্বিতীয় বন্ধনী বা মাজু বন্ধনী ‘{ }’ ; তৃতীয় বন্ধনী বা বৰ বন্ধনী ‘[ ] ‘ । বন্ধনীৰ ভিতৰত কোনো এটা প্ৰক্ৰিয়া আগতে কৰিব লগীয়া হ’লে ‘—– ‘ দীৰ্ঘমাত্ৰা ব্যৱহাৰ কৰা হয়। ক্ৰম অনুসৰি ‘ —–‘ দীৰ্ঘমাত্ৰা ,( ) প্ৰথম বন্ধনী,{ } দ্বিতীয় বন্ধনী , [ ] তৃতীয় বন্ধনী কাম কৰিব লাগে। উদাহৰণ স্বৰূপে
30 – [ 15- { 6+( 18–14)}]
=30-[ 15–{6+4}]
=30-[15-10]
=30-5
=25

আকৌ গণিতৰ কিছুমান সমস্যা সমাধান কৰোঁতে আমি ‘ৰ’ (of )ৰ ব্যৱহাৰ কৰিব লগা হয়। গণিতত ‘ৰ’ ৰ প্ৰচলিত আছে।যাক পূৰণ চিন হিচাপে ধৰা হয় আৰু সংখ্যা দুটাৰ মাজত ‘ৰ’ ৰ পৰিবৰ্তে ‘×’ চিন ব্যৱহাৰ কৰা হয় আৰু সংখ্যা দুটা পূৰণ কৰা হয়। উদাহৰণস্বৰূপে 500 ৰ 2/5=(500×2)/5=200।

সকলোবোৰ ক্ৰিয়াৰ ক্ৰম সহজে মনত থকা এটা শব্দৰে প্ৰকাশৰ কৰিব পাৰি। সেই শব্দটো হৈছে গণিতৰ প্ৰক্ৰিয়া কেইটাৰ নামৰ ইংৰাজী বৰ্ণমালাৰ প্ৰথম আখৰেৰে গঠিত। বন্ধনী (Bracket)ৰ B, ৰ(Of)ৰ O, হৰণ(Division) D, পূৰণ (Multiplication)ৰ M ,যোগ ( Addition)ৰ A, আৰু বিয়োগৰ (Subtraction)ৰ S লগ হৈ গঠিত হোৱা BODMAS শব্দটোৱে প্ৰক্ৰিয়া কেইটাৰ ক্ৰম বুজাইছে। ক্ৰম অনুসৰি গণিতৰ সমস্যা সমাধান নকৰিলে আমি শুদ্ধ উত্তৰ নাপাম। যেনেকৈ ভাষাৰ ক্ষেত্ৰত যতি চিহ্নৰ ব্যৱহাৰ শুদ্ধ নহ’লে সম্পূৰ্ণ বেলেগ অৰ্থ প্ৰকাশ পায়। উদাহৰণ স্বৰূপে যʼতে তʼতে থূ পেলাবা নে? পেলালে বীজাণুৰ সংক্ৰমণৰ হ’ব পাৰে।এই বাক্যৰ যতি চিহ্নৰ ব্যৱহাৰ বেলেগ কৰা চোন কি হয় চোৱা। যʼতে তʼতে থূ পেলাবা, নেপেলালে বীজাণুৰ সংক্ৰমণৰ হ’ব পাৰে। বিপৰীত অৰ্থ প্ৰকাশ কৰা নাই নে বাৰু! একেদৰেই গণিতৰ ক্ষেত্ৰতো প্ৰক্ৰিয়াৰ ক্ৰম সলনি হ’লে শুদ্ধ সমাধান নাপাম। তলৰ সমস্যা টো আজৰি সময়ত কৰিবা শুদ্ধ (ক্ৰম অনুসৰি BODMAS প্ৰয়োগ কৰি) আৰু ভুল(ক্ৰমত নপৰাকৈ) দুয়োটা ৰূপতে । সমস্যা টো হৈছে 5 ৰ[58-{7×8+( 13-2ৰ6 )}] উত্তৰৰ পাৰ্থক্য মন কৰিবলগীয়া!

বন্দিতা শৰ্মা কন্দলি
চৰকাৰী অভ্যসন উচ্চ বুনিয়াদী বিদ্যালয় তিতাবৰ।