গণশিল্পী ৰাজীৱ শদিয়াৰ শেষ ইচ্ছা
বুলমণি বৰি
নিশাৰ আন্ধাৰ ফালি
দুখৰ হুমুনিয়াহ কাঢ়ি বাঁহী বজোৱা
মই অভগা ল’ৰা।
যেতিয়া হাফপেণ্টৰ দুয়োখন পকেটত
বগৰী জলফাই ক’লাজামু ভৰাইছিলো
পেণ্টতো ধুলেও নোযোৱা কেঁচা ফলৰ দাগবোৰে
মোৰ মাটিক ভাল পাবলৈ শিকাইছিল
ভাল পাবলৈ শিকাইছিল জাতিক
সেই ক’লাজামুৰ শৈশৱতে মই
শিপাৰ পম খেদিছিলো
পম খেদিছিলো সভ্যতাৰ
অস্থিৰ ৰাজনৈতিক অৱস্থা
অৰ্থনৈতিক সংস্কাৰ সামাজিক দায়বদ্ধতা
শাসকীয় দ’ল বিদ্ৰোহী সংগঠন বিৰোধীৰ ভূমিকা
পশ্চিমীয়া সংস্কৃতিয়ে গা কৰি উঠা
সমাজখন দেখি
মগজুটোৱে ক্ষিপ্ৰ গতিৰে শব্দৰ সেঁতু বান্ধিছিল
সেইবাবেই মই গাব খুজিছিলোঁ
জীৱনক জীৱনৰ পৰা মোকলোৱা
বিপ্লৱী গান
কোটি কোটি জনতাক
প্লেকাৰ্ড লোৱা অৱস্থা কৰি
ৰাষ্ট্ৰযন্ত্ৰৰ জয় হোৱা দেখিলে
বিদ্ৰোহী হৈ উঠিছিল মোৰ কণ্ঠ,সুৰ
জ্বলাই ছাৰখাৰ কৰি নিশ্চিহ্ন কৰিব নোৱাৰা
অক্ষম ক্ষোভবোৰে মোক
ভিতৰি ভিতৰি পংগু কৰিছিল
মোৰ ভাইটিক যেতিয়া হেৰুৱাইছিলো
আমাৰ ঘৰত তেতিয়া
ফেঁচাইও নমতা দুর্য্যোগ
আই পিতাইৰ বুকুত
উমি উমি জ্বলা জুহালৰ তুঁহজুই
জীৱনৰ সিপাৰৰ ঠিকনা বিচৰা
যন্ত্ৰণাৰ কেঁকনি
আৰু এতিয়া মোৰ অবৰ্তমানত
মোৰ আই পিতাইৰ
ঢেঁকীত ধান বনা বুকুখনে
মোক আৰু ভাইটিক বুকুৰ এচুকত লৈ
ধৈর্য্যৰ জোলোঙা বান্ধি
শুভাশিসে উপচাই পেলোৱা মৰমবোৰক
সম্ভাষণ জনাইছে
মইহে
পালন কৰিব নোৱাৰিলোঁ
পুত্ৰবৎ দায়িত্ব
পূৰাব নোৱাৰিলোঁ প্ৰিয়তমা পত্নীৰ
এঘূমতি সপোন
বুকুৰ বান্ধৈহঁত
পাহাৰবোৰ জলাহভূমিবোৰ
নাড়ীভূঁৰু উলিয়াই ছেলাই বখলিয়াই খোৱাবোৰক
হাবিভাঙি দালান সাজি
উন্নতিৰ জখলা বগোৱা কেইটাক
সকীয়নিৰ চিঞৰ এটা মাৰিবি
দেশত নিবনুৱা সংখ্যা কিমান বাঢ়িছে
মুদ্ৰাস্ফিতী বাঢ়িছেনে কমিছে
বানপীড়িতই চৰকাৰী সাহায্য পাইছেনে
প্ৰতিবাদবোৰ চৰকাৰে মানিছেনে
এইবোৰৰ খবৰ ৰাখিবি
জাতিৰ কৃষ্টি সংস্কৃতিক বুকুত ধাৰণ কৰিবি
গৌৰৱ পুৰি পুৰি নিঃশেষ নহবি
বুকুৰ বান্ধৈহঁত
মোক শ্ৰদ্ধাঞ্জলি জনাবলৈ
দশপিণ্ডৰ প্ৰয়োজন নাই
মোৰ অন্তিম সংস্কাৰৰ বাবে
ক্ৰয় কৰা মালাধাৰৰ যদি
আয়োজন হয়
অসংখ্য মৰা মানুহৰ মাজৰ পৰা
মই জী উঠিম
নিজৰ নামতো বিচাৰি চাম
প্ৰজন্মৰ বুকুত।