গণতন্ত্ৰ, নিৰ্বাচন আৰু প্ৰতিশ্ৰুতি
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা
গণতন্ত্ৰত ভোটদান হ’ল দেশৰ ভৱিষ্যত নিৰ্ণয় কৰা আটাইতকৈ শক্তিশালী গণতান্ত্ৰিক অস্ত্ৰ। এখন দেশৰ শাসন ব্যৱস্থা কেনেকুৱা হ’ব আৰু জনসাধাৰণৰ প্ৰয়োজনসমূহ কেনেদৰে পূৰণ হ’ব, সেইয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে নিৰ্বাচনৰ জৰিয়তে প্ৰকাশ পোৱা জনমতৰ ওপৰত। গণতন্ত্ৰৰ প্ৰকৃত অৰ্থই হ’ল জনসাধাৰণৰ শাসন, য’ত এজন সাধাৰণ নাগৰিকেও ভোটৰ জৰিয়তে দেশৰ নীতি-নিৰ্ধাৰণ প্ৰক্ৰিয়াত পোনপটীয়াকৈ অংশগ্ৰহণ কৰিব পাৰে। যেতিয়া এজন ভোটাৰ নিজৰ পছন্দৰ এজন প্ৰাৰ্থী নিৰ্বাচন কৰি দেশৰ শিক্ষা, স্বাস্থ্য, অৰ্থনীতি আৰু সুৰক্ষাৰ দৰে গুৰুত্বপূৰ্ণ দিশসমূহৰ পৰিচালনাৰ বাবে এখন নিৰ্দিষ্ট চিন্তাধাৰাক সমৰ্থন কৰে।
নিৰ্বাচনৰ প্ৰভাৱ সমাজৰ প্ৰতিটো স্তৰতে অত্যন্ত গভীৰ আৰু সুদূৰপ্ৰসাৰী। এক সুস্থ নিৰ্বাচনী প্ৰক্ৰিয়াই শাসকীয় পক্ষক সদায় সজাগ আৰু জবাবদিহি কৰি ৰাখে। জনপ্ৰতিনিধিসকলে এইটো জানি থকাটো জৰুৰী যে যদি তেওঁলোকে জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰাত ব্যৰ্থ হয়, তেন্তে পৰৱৰ্তী নিৰ্বাচনত ভোটাৰে তেওঁলোকক ক্ষমতাৰ পৰা আঁতৰাই দিয়াৰ ক্ষমতা ৰাখে। এই প্ৰক্ৰিয়াই দেশত এক সুস্থ প্ৰতিযোগিতামূলক ৰাজনীতিৰ পৰিৱেশ গঢ়ি তোলে, য’ত উন্নয়ন আৰু জনকল্যাণেই মূল লক্ষ্য হৈ পৰে। ইয়াৰ উপৰিও নিৰ্বাচনে শান্তিপূৰ্ণভাৱে ক্ষমতা হস্তান্তৰ কৰাৰ সুযোগ প্ৰদান কৰে, যিয়ে দেশৰ স্থিৰতা আৰু গণতান্ত্ৰিক মৰ্যাদা অক্ষুণ্ণ ৰাখে।
এজন সচেতন নাগৰিক হিচাপে ভোটদানৰ পৰা বিৰত থকাটো গণতন্ত্ৰৰ বাবে ক্ষতিকাৰক । আমি প্ৰদান কৰা প্ৰতিটো ভোটে এজন সঠিক আৰু যোগ্য প্ৰতিনিধি নিৰ্বাচন কৰাত সহায় কৰে, যিয়ে সমাজৰ দুৰ্বল শ্ৰেণীৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ আৰু দেশক প্ৰগতিৰ পথত আগুৱাই নিবলৈ সাহস কৰে। যদি যোগ্য লোকক ভোটদান নকৰে, তেন্তে অযোগ্য আৰু দুৰ্নীতিগ্ৰস্ত লোকে শাসন দখল কৰাৰ সম্ভাৱনা বৃদ্ধি পায়। সেয়েহে, নিজৰ দেশৰ প্ৰতি থকা দায়িত্ববোধ আৰু এক উন্নত সমাজ গঢ়াৰ সংকল্পৰে প্ৰতিগৰাকী ব্যক্তিয়ে নিৰ্বাচনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাটো একান্তই প্ৰয়োজনীয়।
প্ৰতি নিৰ্বাচনৰ আগমুহূৰ্ততে পৰিলক্ষিত হয় ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলে যেন ৰং-বিৰঙী সপোনৰ ডালি লৈ জনসাধাৰণৰ দুৱাৰত উপস্থিত হয়। কিন্তু বাস্তৱক্ষেত্ৰত ভৰি দিলেই এই সপোনবোৰ যেন হীৰা-পানী হৈ উৰি যায়। এই অলীক প্ৰতিশ্ৰুতিবোৰেই হৈছে নিৰ্বাচনী বিতৰ্কৰ নিম্ন আকৰ্ষণীয় দিশ যিয়ে দূৰৰ পৰা চকুত পৰিলেও ওচৰ চাপিলে কেৱল ক্ষত সৃজন কৰি হতাশা বিয়পাই ফুৰে।
মিছা প্ৰতিশ্ৰুতিৰ এই পৰম্পৰা ইমানেই ব্যাপক হৈ পৰিছে যে প্ৰাৰ্থীসকলে ভোট বিচাৰি ফুৰোতে কোনো ধৰণৰ নৈতিক সংকোচ অনুভৱ নকৰে। তেওঁলোকে ভালদৰে জানে যে নিৰ্বাচনৰ পাছত সেই প্ৰতিশ্ৰুতি পূৰণ কৰাটো অসম্ভৱ, তথাপিও ভোটাৰৰ আবেগত আঘাত হানিবলৈ সাজু থাকে। কাৰণ ইয়াৰ বাবে কোনো কঠোৰ আইনী শাস্তি নাই। নিৰ্বাচন আয়োগে আচৰণ বিধি ভংগৰ বাবে কেতিয়াবা সতৰ্কমূলক বাৰ্তা প্ৰেৰণ কৰে যদিও সেই বাৰ্তাই প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰিব নোৱাৰে, আৰু নিৰ্বাচনী প্ৰচাৰৰ উন্মাদনাত সেই বাৰ্তাবোৰ অৰ্থহীন হৈ পৰে।
মূল্যবৃদ্ধিৰ এই চৰম সংকটত ফোফোঁলা প্ৰতিশ্ৰুতিৰ ঢৌত উটি বাহি বাস্তৱৰ অৱস্থাৰ কথা পাহৰাই ৰাখি দেশৰ মূল সমস্যাৰ পৰা সাধাৰণ জনসাধাৰণৰ মনোযোগ আঁতৰাই নিখুঁত ৰাজনীতি কৰি টুপী পিন্ধাই আছে সাধাৰণ ৰাইজক।
দীঘল দীঘল প্ৰতিশ্ৰুতি দিয়া প্ৰাৰ্থীসকলে প্ৰায়ে ইটো সিটোৰ প্ৰতিশ্ৰুতিৰে টেঁটু ফালি ভাষণ দি মঞ্চ আকৰ্ষণ ঠিকেই কৰে কিন্তু কৰ্মক্ষেত্ৰত এইবোৰ কোনো কামত নাহে। জনসাধাৰণক অবাস্তৱ সপোন দেখুৱাই ফল দিয়ে হতাশা আৰু হতাশা। সাধাৰণ ভোটাৰ ৰাইজ বিপাঙত পৰে কাক বিশ্বাস কৰিব? কোন বাৰু সঁচা?এই মিছা প্ৰতিশ্ৰুতিৰ পৰা কেনেকৈ মুক্তি পাব?
আচলতে প্ৰথমতে প্ৰয়োজন এক কঠোৰ আইনৰ যি প্ৰাৰ্থীয়ে প্ৰমাণিত মিছা প্ৰতিশ্ৰুতি দিয়ে, তেওঁৰ মনোনয়ন বাতিল কৰাৰ ব্যৱস্থা থাকিলে হয়তো প্ৰাৰ্থীসকলে সাৱধান হ’ব। ইয়াৰ উপৰিও গণমাধ্যমৰ দায়িত্বশীলতা অতি জৰুৰী। নিৰ্বাচনৰ সময়ত সংবাদ মাধ্যমসমূহে প্ৰাৰ্থীৰ প্ৰতিশ্ৰুতি বিশ্লেষণ কৰি প্ৰকৃত দিশ উদঙাই দিব লাগে। শিক্ষা ব্যৱস্থাত গণতান্ত্ৰিক সাক্ষৰতাৰ ওপৰত গুৰুত্ব দিলে প্ৰাৰ্থীসকল নিজেই ভুল শুদ্ধ বুজিবলৈ সক্ষম হ’ব।
আমি, ভোটাৰসকলে, আমাৰ ভোটৰ শক্তি অনুভৱ কৰিব লাগিব। যেতিয়া এজন প্ৰাৰ্থীয়ে অলীক সপোন দেখুৱাই ভোট বিচাৰে, তেতিয়া আমি তেওঁক বুজাই দিব লাগিব যে আমি আৰু অন্ধভক্ত হৈ প্ৰতাৰিত নহওঁ। প্ৰতিশ্ৰুতি নহয়, কাৰ্য্য হে পৰিলক্ষিত কৰিব লাগে। শিক্ষাগতঅৰ্হতা, ব্যক্তিত্ব আদিৰ ওপৰত গুৰুত্ব দিয়া উচিত তেতিয়াহে নিৰ্বাচনী বিতৰ্কবোৰ সঁচা অৰ্থত গণতান্ত্ৰিক হৈ উঠিব, আৰু মিছা প্ৰতিশ্ৰুতিৰ আঁৰত লুকাই থকা প্ৰতাৰণাৰ অদৃশ্য দেৱাল ডেও দি পুৱাব এক নতুন সূৰ্য সত্য আৰু ন্যায়ৰ।
