গণতন্ত্ৰ, তুমি কেতিয়া আহিবা?
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
গণতন্ত্ৰ তুমি,কেতিয়া আহিবা?
তুমি আহিবা নেকি
কাঁচি জোন হৈ আকাশৰ বুকু ফালি
নীলিম সাগৰৰ এবুকু নীলা হৈ ?
নে হিমালয়ৰ পাদদেশত জিৰজিৰকৈ নিজৰা বৈ
তুমি আহিবা নেকি
সেউজীয়া বননিত ৰঙা খোজ পেলাই সুহুৰিয়াই ?
গণতন্ত্ৰ, তুমি কেতিয়া আহিবা?
নে তুমি বন্দী হৈ থাকিবা কংক্ৰীটৰ নগৰীত ;
যাৰ গগণচুম্বী অট্টালিকাৰ আঁৰত হেৰাই যায়
হেজাৰ হেজাৰ দৰিদ্ৰৰ ভগা পঁজাৰ হাহাকাৰ!
নদীৰ গঢ়া- খহনীয়াত নি়ঃস্ব – সৰ্বস্বান্ত হয়
দৰিদ্ৰ কৃষক- শ্ৰমিকৰ দল।
শোষক পুঁজিপতিৰ শোষণ- অত্যাচাৰ- লুণ্ঠনত
প্ৰতিমুহূৰ্তে শোষিত,লাঞ্চিত, বঞ্চিত, ধৰ্ষিত হয়
দূৰ্বল, অসহায়,প্ৰপীড়িত সৰ্বহাৰাৰ দল।
গণতন্ত্ৰ, তুমি কেতিয়া আহিবা?
ত্ৰিৰঙ্গা পতাকাৰ তলত থিয় হৈ মই ৰৈ আছোঁ।
তুমি আহা জনতাৰ কাষলৈ, জনতাৰ মুক্তি-পণ লৈ
জনতাৰ বাবে, তুমি গোৱা জনগণৰ বিপ্লৱী গান।
