গণতন্ত্ৰত ৰক্ষকেই ভক্ষক হ’লে ৰাইজৰ কৰ্তব্য কি???
অনামিকা (সংগীতা) কলিতা,শুৱালকুছি
খুব সুন্দৰ বিষয়,আমি সংবিধানত পাইছোঁ। গণতন্ত্ৰ থাকিলে এখন দেশত সাৰ্বভৌম, সমাজবাদী, ধৰ্ম নিৰপেক্ষ, গণতান্ত্ৰিক, গণৰাজ্য এই কেইটা উপাদান থাকিব লাগিব ।গণতান্ত্ৰিক ভাবে স্বধীনতা লাভ কৰিবলৈ দেশ এখনি যথেষ্ট ত্যাগ কষ্ট কৰিব লগা হৈছিল। ১৯৪৭চনৰ ১৫আগষ্টত আমাৰ ভাৰতবৰ্ষ ইংৰাজ শাসনৰ পৰা মুক্ত হৈ গণতান্ত্ৰিক স্বতন্ত্ৰ ৰাষ্ট্ৰ হিচপে শাসন ভাৰ গ্ৰহন কৰিছিল ।দেশ এখন প্ৰগতিশীল চিন্তাধাৰাৰে আগবাঢ়িবলৈ গণতান্ত্ৰিক ভাবে চৰকাৰ শাসন যন্ত্ৰই জনসাধাৰণৰ কাৰণে কাম কৰিব লাগিব।জনসাধাৰণে শান্তিপূৰ্ণ ভাবে জীৱন যাপন কৰিব পাৰে তালৈ লক্ষ্য ৰাখিব লাগিব ।কাৰণ চৰকাৰৰ নৈতিক দায়িত্ব আছে ,সাধাৰণ জনতাই সু-শৃংখল ভাবে চলিব পাৰে।
তাকে নকৰি প্ৰশাসন যন্ত্ৰ মানে চৰকাৰখনে ৰক্ষকেই ভক্ষক হয় তেতিয়া সাধাৰণ জনতাৰ অৱস্থা কি হ’ব।সমাজখনত অৰাজকতাৰ সৃষ্টি হ’ব।হত্যা,মাৰপিট আদি সঘনে হ’লে সামাজিক জীৱন ক্ষতিগ্ৰস্ত হ’ব । যেতিয়া দেশশাসন কৰা সকলেই শোষণ কৰে সাধাৰণ নাগৰিকৰ অৱস্থা কি হ’ব??
গতিকে শাসন আৰু শোষণ বা ৰক্ষকেই ভক্ষক হ’লে ধনী আৰু দুখীয়া দুটা পৃথক দলৰ সৃষ্টি হ’ব।গণতন্ত্ৰত সকলোৰে বাবে সমান দৃষ্টিভংগী নাথাকিব ।ধনী শ্ৰেণীটো ধনী হৈ গৈ থাকিব আৰু দুখীয়া দৰিদ্ৰ সকলৰ অৱস্থা পানীত হাঁহ নচৰা অৱস্থা হ’ব । ধনী শ্ৰেণীয়ে ধনৰ বলত যিকোনো কাম কৰিবলৈ কুণ্ঠাবোধ নকৰিব ।এই ক্ষেত্ৰত জনসাধাৰণ সজাগ হ’ব লাগিব। কিয় নো? গণতন্ত্ৰ হ’ল জনসাধাৰণৰ দ্বাৰা ,জনসাধাৰণৰ কাৰণে,জনসাধাৰণক লৈ পৰিচালিত শাসন ব্যৱস্থা।
জই আই অসম ,ভাৰত মাতা কি জয়
