গড়চুকস্থিত হিন্দুস্তান পেট্রল পাম্পত পাম্পৰ কৰ্মচাৰীৰ গ্ৰাহকক প্ৰদাৰ

pc Justdial

pc Justdial

ৰঙিলী বাৰ্ত্তাসেৱা– মহানগৰীৰ গড়চুকস্থিত হিন্দুস্তান পেট্রল পাম্পত গৰাকী অসমীয়া লোকক পাম্পৰ কৰ্মচাৰীয়ে প্ৰহাৰ কৰা ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পেট্ৰ’ল পাম্পৰ কৰ্মচাৰীয়ে অপূৰ্ব গগৈ নামৰ এজন লোকক অশ্লীল গালি-গালাজ কৰাৰ লগতে ব্যক্তিজনক নির্মমভাৱে শাৰীৰিক অত্যাচাৰ চলায়। অপূর্ব গগৈ নামৰ লোকজনক পেট্ৰ’ল পাম্পৰ কৰ্মচাৰীয়ে খেদি খেদি প্ৰহাৰ কৰাত তেওঁ গুৰুতৰভাৱে আহত হয়। পিছত ঘটনাস্থলীত বীৰ লাচিত সেনাৰ কেইজনমান সদস্যই উপস্থিত হৈ পেট্ৰ’ল পাম্পত কৰ্মৰত চাৰ্জিন অভিযুক্ত লোকক কাণত ধৰি উঠা বহাৰ শাস্তি প্ৰদান কৰে। ইপিনে, ঘটনা সন্দৰ্ভত গড়চুক আৰক্ষীয়ে পেট্ৰ’ল পাম্পত কৰ্মৰত অভিযুক্ত কৰ্মচাৰীকেইজনক আটক কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।