গড়চুকত অভিনেতা মৃগাংকক ছুৰীৰে হত্যা
ৰঙিলী বাৰ্ত্তাসেৱা- পৰকীয়া প্ৰেমৰ পৰিণতিত পাষাণ মাতৃয়ে নিজ পুত্ৰক হত্যা কৰাৰ ঘটনা পোহৰলৈ অহাৰ এদিন পাছতে সোমবাৰে গুৱাহাটীত সংঘটিত হয় আন এক ভয়ংকৰ ঘটনা। গড়চুক চাৰিআলিত সংঘটিত এক হত্যাকাণ্ডৰ ঘটনাই সর্বত্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মৃত যুৱকজন নলবাৰীৰ মৃগাংক বৰ্মন। জনপ্রিয় ধাৰাবাহিক বেহাৰবাৰী আউপোষ্টত অভিনয় কৰা মৃগাংক বৰ্মনক সোমবাৰে দিন-দুপৰতে হাজো দামপুৰৰ ৰাজু আলী নামৰ যুৱকজনে ছুৰীৰে কেইবাবাৰো উপর্যুপৰি আঘাত কৰে। পৰৱৰ্তী সময়ত আঘাতপ্রাপ্ত যুৱকজনক হাস্পতাললৈ নিয়া হয় যদিও তাতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। আৰক্ষী সূত্ৰই সদৰী কৰা মতে, সোমবাৰে দিনৰ প্ৰায় ১ বজাত গড়চুকৰ হাই চিটী ইন নামৰ লজখনৰ ২০৯ নম্বৰ কোঠাটো ভাৰালৈ লৈছিল মৃগাংক বৰ্মনে। যুৱকজনৰ সৈতে দীপশিখা বৈশ্য নামৰ এগৰাকী মহিলাও আছিল বুলি আৰক্ষী সূত্রই জনাইছে। প্রায় তিনি ঘণ্টা লজখনৰ কোঠাটোত মহিলাগৰাকীৰ সৈতে থকাৰ পাছত বাহিৰলৈ যোৱা মৃগাংক বর্মনক আন এজন যুৱক ৰাজু আলীয়ে ছুৰীৰে উপর্যুপৰি আঘাত কৰি লগে লগে মটৰচাইকেলেৰে পলায়ন কৰে। তাৰ পাছতে অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় লোকে লগে লগে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত মৃগাংক বর্মনক হাস্পতাললৈ নিয়ে যদিও তাতে তেওঁৰ মৃত্যু হয়। তাৰ পাছতে আৰক্ষীয়ে অভিযান চলাই হাজোৰ দামপুৰৰ পৰা ৰাজু আলীক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, বিগত দুবছৰ ধৰি শুৱালকুছিৰ বিবাহিত মহিলা দীপশিখা বৈশ্যৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ৰাজু আলীৰ। এই সম্পৰ্কৰ মাজতে হঠাতে সোমাই পৰিছিল নলবাৰীৰ মৃগাংক বৰ্মনে আৰু সেয়াই তেওঁৰ বাবে কাল হৈ পৰিল। আৰক্ষী সূত্ৰই সদৰী কৰা মতে, ত্রিকোণীয় প্ৰেমৰ সংঘাতৰ বাবেই অকালতে মৃগাংক বৰ্মনে প্রাণ হেৰুৱাবলগীয়া হ’ল। বৰ্তমানলৈকে আৰক্ষীয়ে দীপশিখা বৈশ্যক গ্ৰেপ্তাৰ কৰা নাই যদিও ৰাজু আলীক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।
