গজল সম্ৰাট পদ্মশ্ৰী পংকজ উধাস আৰু নাই

গজল সম্ৰাট পদ্মশ্ৰী পংকজ উধাস আৰু নাই

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰখ্যাত গজল সম্ৰাট পদ্মশ্ৰী পংকজ উধাস আৰু নাই। মুম্বাইত ৭২ বছৰ বয়সত দেহাৱসান ঘটে প্ৰখ্যাত গজল সম্ৰাট পংকজ উধাসৰ। উধাসৰ পৰিয়ালৰ এজন আত্মীয়ই এক টুইটৰ জৰিয়তে তেওঁৰ এই মৃত্যুৰ বিষয়ে অৱগত কৰে।১০ দিন পূৰ্বেই মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল তেওঁক। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা শিল্পীগৰাকীক হাস্পতালত ভৰ্তি কৰোৱাৰ খবৰ নাছিল কাৰো হাতত। পৰিয়ালৰ লোকে দিয়া এই খবৰৰ পিছতে সমগ্ৰ বলিউড জগতখন শোকাহত হৈ পৰিছে। একেদৰে শোকাহত হৈছে লাখ লাখ গজল প্ৰিয় ব্যক্তি। সামাজিক মাধ্যমত ভিন্নজনে শোক প্ৰকাশ কৰি তেওঁলৈ অন্তিম শ্ৰদ্ধা নিবেদন কৰিছে। ৭২ বছৰীয়া পংকজ উধাসক যোৱা ১০ টা দিনে চিকিৎসকৰ নেৰানেপেৰা প্ৰচেষ্টাৰ পাছতো তেওঁক সুস্থ কৰি তুলিব পৰা নগ’ল। দীঘলীয়া অসুস্থতাৰ অন্তত মৃত্যু হোৱা শিল্পীগৰাকীৰ শেষকৃত্য মঙ্গলবাৰে সম্পন্ন কৰা হ’ব। ১৭ মে’, ১৯৫১ চনত গুজৰাটৰ জেটপুৰত জন্মগ্ৰহণ কৰা পংকজ উধাসে শৈশৱতে নিজৰ ঘৰতেই পাইছিল সংগীতৰ শিক্ষা। তেওঁৰ পৰিয়ালত আছিল সংগীতৰ এক পৰিৱেশ। তেওঁৰ জ্যেষ্ঠ ভাতৃ মনহৰ উধাস আছিল বলিউডৰ এগৰাকী প্ৰকৃত নেপথ্য কণ্ঠ শিল্পী। সেই পৰিৱেশেই তেওঁক সংগীত শিল্পী হিচাপে প্ৰতিষ্ঠা লাভত যথেষ্ট সুবিধা প্ৰদান কৰিছিল। ভাৰতীয় সংগীত ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবেই তেওঁক সংগীত নাটক একাডেমী বঁটা, ফিল্ম ফেয়াৰ বঁটা, পদ্মশ্ৰী আদিৰ দৰে সন্মান প্ৰদান কৰা হৈছে।