গংগাৰ পাৰত উদ্ধাৰ হোৱা মৃতদেহক লৈ আতংকিত স্থানীয় লোক

বাৰ্ত্তাসেৱা – দুদিনৰ ভিতৰতে গংগাৰ পাৰত প্ৰায় ১১০টা মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত স্থানীয় লোকসকল আতংকিত হৈ পৰিছে। শেহতীয়াকৈ বলিয়া অঞ্চলতো গংগাৰ পাৰত ১২টাৰো অধিক মৃতদেহ উদ্ধাৰ হৈছে। এনে অৱস্থাত বক্সাৰত উদ্ধাৰ হোৱা মৃতদেহ উত্তৰ প্ৰদেশৰ পৰা ভাহি অহা বুলি আশংকা কৰা হৈছে। গংগা গাজীপুৰ আৰু বলিয়া হৈ বক্সাৰলৈ প্ৰবাহিত হোৱা বাবেই মৃতদেহবোৰ উত্তৰ প্ৰদেশৰ পৰা ভাহি অহা বুলি সন্দেহ তীব্ৰতৰ হৈছে। স্থানীয় লোকে জনোৱা মতে মঙলবাৰে নিশাৰে পৰা প্ৰশাসনে ৮০-৮৫টা মৃতদেহ গংগাৰ পাৰত সমাধিস্থ কৰিছে। অৱশ্যে প্ৰশাসনে সেই সংখ্যা ২৪ বুলিহে প্ৰকাশ কৰিছে। ইফালে কেন্দ্ৰীয় চৰকাৰে ঘটনাটো সন্দৰ্ভত ৰাজ্য চৰকাৰক তদন্ত কৰাৰ নিৰ্দেশ দিছে। ক’ৰ’নাৰ বাবে বহু লোকৰ মৃত্যু হৈ থকাৰ মাজতে মৃতদেহ গংগা বা অন্যান্য নদীত উটুৱাই দিয়া ঘটনা সম্পৰ্কত ৰাজ্য চৰকাৰক অনুসন্ধান কৰি ব্যৱস্থা লবলৈ কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিয়ে। স্মৰ্তব্য যে সোমবাৰে বিহাৰৰ বক্সাৰস্থিত চৌছা শ্মশানঘাটত ৭১টাৰো অধিক মৃতদেহ গংগাত উদ্ধাৰ হৈছিল। উক্ত মৃতদেহবোৰ আৰক্ষীয়ে জেচিবিৰ সহায়েৰে সমাধিস্থ কৰিছে। মৃতদেহবোৰৰ ডি এন এ আৰু কোভিড পৰীক্ষা কৰোৱাৰ বাবে নমুনাও সংগ্ৰহ কৰা হৈছে।