গঁড় চিকাৰৰ পৰিকল্পনা কৰা ৬ চোৰাং চিকাৰী বন বিভাগৰ জালত

গঁড় চিকাৰৰ পৰিকল্পনা কৰা ৬ চোৰাং চিকাৰী বন বিভাগৰ জালত

ৰঙিলী বাৰ্ত্তাসেৱা-  বন বিভাগৰ অভিযানত গহপুৰৰ লৌগুটিৰ পৰা ৬ টাকৈ কুখ্যাত গঁড় চিকাৰী গ্ৰেপ্তাৰ হয় ।বিশ্বনাথ ৱাইল্ড লাইফ ডিভিজনৰ ডিএফঅ’ ৰিতু পৱন বৰা, গমিৰি ইষ্টার্ন ৰেঞ্জৰ ৰেঞ্জাৰ গৌতম তিমুং, পানীভঁৰাল ক্রাইম ইনভেষ্টিগেচন ৰেঞ্জৰ ৰেঞ্জাৰ ৰাজু শইকীয়াৰ নেতৃত্বত যোৱা ২৮ নৱেম্বৰৰ পৰা চলাই থকা ধাৰাবাহিক অভিযানত গ্ৰেপ্তাৰ হৈছে চোৰাং গঁড় চিকাৰী ছটা। ধৃত গঁড় চিকাৰী ছটা হৈছে- গহপুৰ থানাৰ অন্তৰ্গত ৰাওনামুখৰ বিশ্বৰূপ মিলি , গজপুৰীয়াৰ ৰণোজ পেণ্ড, সৰুতামুলীৰ বিমল পাচুং, সৰুতামুলীৰ বিৰণ্ড পেগু, দাৰুপাৰাৰ শিৱগুৰু পেগু আৰু গিৰীশ পেণ্ড। অভিযানকাৰী দলটোৱে গঁড় চিকাৰীকেইটাৰ জিম্মাৰ পৰা এটা ১২ বৰ’ৰ ছিংগল বেৰেলৰ ৰাইফলসহ ২ জাঁই হস্তনির্মিত গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ বাবে পৰিকল্পনা কৰিছিল উক্ত গঁড় চিকাৰীকেইটাই। জানিব পৰা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰৰ বাবে এটা চোৰাং চিকাৰীৰ দলে পৰিকল্পনা কৰাৰ তথ্য লাভ কৰিছিল উক্ত অভিযানকাৰী দলটোৱে। ইয়াৰ পিছতে যোৱা ২৮ নৱেম্বৰৰ পৰা গহপুৰৰ দক্ষিণাঞ্চলৰ স্পৰ্শকাতৰ অঞ্চলসমূহত জোৰদাৰ অভিযান চলায় উক্ত অভিযানকাৰী দলটোৱে। অভিযানত যোৱা ২৯ নৱেম্বৰত প্ৰথমে গ্ৰেপ্তাৰ হয় ৰাওনামুখৰ বিশ্বৰূপ মিলি। ধৃত বিশ্বৰূপৰ স্বীকাৰোক্তিৰ ভিত্তিত ৰণোজ পেণ্ড, বিমল পাচুং, বিৰণ্ড পেণ্ড, শিৱগুৰু পেণ্ড আৰু গিৰীশ পেণ্ডক গ্ৰেপ্তাৰ কৰা হয়।