খ্যাতিসম্পন্ন সংস্কৃত পণ্ডিত, অধ্যাপক উমাকান্ত দেৱশৰ্মাৰ দেহাৱসান
ৰঙিলী বাৰ্ত্তাসেৱা- খ্যাতিসম্পন্ন সংস্কৃত পণ্ডিত, অধ্যাপক উমাকান্ত দেৱশৰ্মাৰ ৮৩ বছৰ বয়সত মৃত্যু হয় ৷ গুৱাহাটীৰ জালুকবাৰীস্থিত নিজা বাসভৱনত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পণ্ডিতজনৰ দেহাৱসান ঘটে৷ভূতনাথ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ তেওঁৰ মৃত্যুত ৰাজ্যত শোকৰ ছাঁ পৰিছে৷ উল্লেখযোগ্য যে অসমীয়া আৰু সংস্কৃত ভাষাত কৰা অধ্যয়ন আৰু গৱেষণামূলক কামৰ লগতে বহুকেইখন গ্ৰন্থ ৰচনা কৰি তেওঁ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে৷ তেওঁ সংস্কৃত আৰু বৈদিক ভাষাত ডেৰ শতাধিক প্ৰবন্ধও ৰচনা কৰি থৈ যায়৷তেওঁ বিশ্বজুৰি সমাদৃত গ্ৰন্থ ‘ভাৰতৰ নাট্য শাস্ত্ৰ’ সম্পাদনা কৰিছিল৷ দেশ-বিদেশৰ বিভিন্ন বাতৰিকাকত, আলোচনী, জাৰ্নেল আদিত তেওঁৰ সংস্কৃত, বৈদিক সাহিত্য আৰু ন্যায়া দৰ্শন সন্দৰ্ভত ডেৰ শতাধিক প্ৰবন্ধ প্ৰকাশ হৈছে৷প্ৰয়াত উমাকান্ত দেৱশৰ্মাই জীৱিত কালত সৰ্বসাধাৰণৰ মাজত সংস্কৃত আৰু আধ্যাত্মিকতাক জনপ্ৰিয় কৰিবৰ বাবে আজীৱন চেষ্টা চলাই গ’ল৷ সমাজকৰ্মী হিচাপেও তেওঁ পৰিচিত আছিল৷ সমাজৰ প্ৰতি তেওঁৰ অগাধ দায়বদ্ধতা আছিল৷ বিশিষ্ট গৱেষক-পণ্ডিতজনৰ মৃত্যুত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্ন ব্যক্তি আৰু দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে৷