খো খো বিশ্বকাপত ইতিহাস ৰচনা ভাৰতৰ
ৰঙিলী বাৰ্ত্তাসেৱা- খো খো বিশ্বকাপত ইতিহাস ৰচনা কৰিলে ভাৰতে।পুৰুষ আৰু মহিলা উভয়তে ভাৰতে বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে দেশৰ প্ৰথম ক্রীড়া হিচাপে এটা বছৰতে বিশ্ব চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰিছে ভাৰতৰ পুৰুষ আৰু মহিলা খো খো দলে। এতিয়ালৈকে ভাৰতে অন্য কোনো খেলতে পুৰুষ আৰু মহিলাত এটা বর্ষত বিশ্ব চেম্পিয়ন হৈ পোৱা নাই। কিন্তু নতুন দিল্লীত দেশৰ প্ৰাচীন খেল খো খোৰ জৰিয়তে এই অনন্য গৌৰৱ লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতে। নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্রথম খো খো বিশ্বকাপৰ ফাইনেলত ভাৰতৰ পুৰুষ আৰু মহিলা উভয় দলে নেপালৰ পুৰুষ-মহিলাক পৰাস্ত কৰি বিশ্ব চেম্পিয়নৰ খিতাপ অর্জন কৰে। প্ৰথমখন ফাইনেলত আয়োজক দেশৰ মহিলা খো খো দলে ৭৮-৪০ৰ ব্যৱধানত নেপালক পৰাস্ত কৰি আই জি ষ্টেডিয়ামত সোণালী ইতিহাস গঢ়াৰ পাছত ভাৰতৰ পুৰুষ দলটোৱেও ৫৪-৩৬ৰ ব্যৱধানত নেপালক হৰুৱাই ঐতিহাসিক সফলতা অর্জন কৰে। বিশ্বকাপৰ পূৰ্বে ভাৰতৰ পুৰুষ আৰু মহিলা খো খো দলে ছাফ গেমছ আৰু এছিয়ান চেম্পিয়নশ্বিপৰ সোণ লাভ কৰিছিল। কিন্তু এই সফলতাৰ পাছত বিশ্ব খো খোত ভাৰতৰ পুৰুষ আৰু মহিলাৰ নতুন পৰিচয় হ’ব বিশ্ব চেম্পিয়ন হিচাপে। উল্লেখ্য যে অপৰাজেয় জয়যাত্রা অব্যাহত ৰাখি ভাৰতীয় পুৰুষ-মহিলা দলে বিশ্ব চেম্পিয়ন হ’বলৈ সক্ষম হয়। ইয়াৰ পূৰ্বে গ্রুপ মেচত ইৰান, মালয়েছিয়া আৰু দক্ষিণ কোৰিয়াক পৰাস্ত কৰা ভাৰতীয় মহিলা খো খো দলে কোৱাৰ্টাৰ ফাইনেলত বাংলাদেশক আৰু ছেমিফাইনেলত দক্ষিণ আফ্রিকাক পৰাস্ত কৰিছিল। আনহাতে, গ্ৰুপত ভাৰতৰ পুৰুষ দলে নেপালৰ লগতে পেৰু, ব্রাজিল আৰু ভূটানক পৰাস্ত কৰাৰ পাছত কোৱাৰ্টাৰত শ্রীলংকা তথা ছেমিত দক্ষিণ আফ্রিকাক পৰাস্ত কৰি খিতাপৰ যুঁজলৈ অগ্ৰসৰ হৈছিল।