খোৱাং ধেমেচী কলালো কোচ গাঁৱত- ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাৰ আন্ত:গাওঁ সমূহৰ ভিত্তিত দিহানামৰ প্ৰতিযোগিতা সম্পন্ন 

খোৱাং ধেমেচী কলালো কোচ গাঁৱত- ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাৰ আন্ত:গাওঁ সমূহৰ ভিত্তিত দিহানামৰ প্ৰতিযোগিতা সম্পন্ন 

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- মানৱ জীৱন পৰিচালনা আৰু ইয়াৰ গতি নিৰূপণ কৰিবলৈ প্ৰকৃত নিৰ্দেশনাসূচক আধ্যাত্মিক ভাৱ সংপৃক্ত দেহতত্ব আৰু আত্মতত্বৰ নাম হৈছে “দিহানাম”। এই মহান বাক্য শাৰীকে সাৰোগত কৰি সদৌ ডিব্ৰুগড় জিলা আক্ৰাচু আৰু খোৱাং আঞ্চলিক শাখাৰ উদ্যোগত ডিব্ৰুগড় জিলা সীমামূৰীয়া অঞ্চল ধেমেচী কলালোৰ কোচগাওঁ ৰাসমঞ্চত ডিব্ৰুগড় আৰু শিৱসাগৰ জিলা আন্ত: গাওঁ সমূহৰ ভিত্তিত ৩১ মাৰ্চত দিহানামৰ সুৰ, তাল-মান আৰু শব্দ প্ৰকাশৰ প্ৰতিযোগিতাখনি এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হʼয়। পুৱা পৰিৱেশ নিকাকৰণ, ধৰ্মধ্বজা উত্তোলন ,বৃক্ষৰোপণ , স্মৃতিতৰ্পণৰ লগতে কলালোৰ কোচ গাঁৱৰ নামঘৰীয়া দুলাল বড়াই বন্তি প্ৰজ্বলন কৰি মূল কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। আনহাতে পুৰুষ ,মহিলা, কিশোৰ-কিশোৰীৰ সকলৰ বৌদ্ধিক,মানসিক, সামাজিক তথা সাংস্কৃতিক প্রতিভা বিকাশৰ লগতে ন-শিকাৰুসকলে যাতে দিহা- নামসমূহ শুদ্ধৰূপে আঁকোৱালি ল’ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত হোৱা দিহানামৰ প্ৰতিযোগিতাখনি উদ্ধোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক খগেন চৌধুৰীয়ে। অনুষ্ঠানত বিজয়ী প্ৰতিযোগী সকলক প্ৰথম পুৰস্কাৰ হিচাপে ১৫,০০০/ টকা, দ্বিতীয় পুৰস্কাৰ ১২,০০০/ টকা, তৃতীয় পুৰস্কাৰ ১০,০০০/টকা, চতুৰ্থ পুৰস্কাৰ ৬,০০০/ টকা, পঞ্চম পুৰস্কাৰ ৩,০০০/টকা, ষষ্ঠ পুৰস্কাৰ ৩,০০০/ টকা সপ্তম পুৰস্কাৰ ৩,০০০/টকা আৰু অষ্টম পুৰস্কাৰ হিচাপে ৩,০০০/টকা লগতে অন্যান পুৰস্কাৰ প্ৰদানৰ কৰা হয়। অনুষ্ঠানৰ কাৰ্যসূচী সমূহ সফল হোৱাত আক্ৰাচু ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি দিগন্ত শইকীয়াৰ লগতে ৰমেন চৌধুৰী আৰু সুনীল দত্তই সংশ্লিষ্ট সকলোকে ধন্যবাদ জনায়।