খোপাতে কপৌ পাহি গুঁজি লৈ ওলালোঁ
ছেলিমা বেগম
নগাঁও
ব’হাগ আহিল কপৌ ফুলিলে
প্ৰকৃতিৰ বুকুত যৌৱন আনি দিলে ,
কপৌফুল ফুলিলে আৰু ফুলিলে
ভেবেলী লতা, চেনেহৰ বিহুটি
আহি পালেহি অসমীয়াৰ চোতালত
কপৌফুল আনিবলৈ যাম নীলাচল
পাহাৰত চেনেহীৰ খোপাতে এপাহি
কপৌফুল দিবলৈ এবেলি বহাগতে।
কপৌফুল তোৰে ঘাত কিমান যেন মৰম,
ঘিলা খোপাতে এপাহি কপৌফুল গুঁজি
ওলালোঁ ব’হাগৰ বিহুতে এপা নাচ দিবলৈ ।
চেনাই ধন তোকে বুকুৰ মৰম দিবলৈ
হাততে জেতুকা লগাই খোপাতে কপৌফুল
লগাই থুৰীয়া তামোল খন তোকে খুৱাব লৈ
ওলালোঁ বিহুতলীত কঁকাল ঘুৰাই ঘুৰাই
মনৰ আনন্দত মতলীয়া হৈ বিহু নাচিবলৈ।
পাহাৰ বগাই আনিছো কপৌফুল চেনেহী,
তোৰে খোপাত দিবলৈ এবেলি বহাগতে আছোঁ
হেঁপাহেৰে বাট চাই তোকে পাম কাষতে।
হেঁপাহেৰে বাট চাই তোকে পাম কাষতে।
ঢোলৰ চাপৰৰ ছেওঁৱে ছেওঁৱে নাচোনৰ তালে তালে
কেঁৰহি কৈ চাই হাঁহি থাকিবি আমাৰ ফালে।
মন মোৰ দুৰু দুৰু কৈ কঁপিছে চেনেহী মোৰ
তোৰ কপৌফুলীয়া খোপা খন দেখি।