খেল মহাৰণ শুৱালকুছিত মাণ্ডলিক ভিত্তিত সাঁতোৰ খেলুৱৈ বাছনি সম্পন্ন
ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ উদ্যোগত ৰাজ্যজুৰি অনুষ্ঠিত খেল মহাৰণ ২ৰ অংশস্বৰূপে শুৱালকুছি সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰত মাণ্ডলিক পৰ্যায় সাঁতোৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাখনত কামৰূপ জিলা, বাক্সা, তামোলপুৰ আৰু নলবাৰী জিলাৰ মুঠ ষাঠি গৰাকী খেলুৱৈয়ে অংশ গ্ৰহণ কৰে। পুৱা ১০ বজাত খেলখনৰ শুভাৰম্ভ কৰে কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰাই । অসম সাঁতোৰ সংস্থা সম্পাদক ভাস্কৰ ৰঞ্জন দাসে মুখ্যমন্ত্ৰীগৰাকীক জল ক্ৰীড়া ক্ষেত্ৰলৈ অগ্ৰাধিকাৰ দিয়া কাৰ্যক শলাগ লয়। তেওঁ খেল মহাৰণৰ জৰিয়তে গ্ৰাম্যাঞ্চলত সুপ্ত প্ৰতিভাৰ সন্ধান কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ উলিয়াবলৈ সফল হ’ব বুলিও মত প্ৰকাশ কৰে। সভাত কামৰূপ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি ডাঃ কাৰ্তিক মেধি, অসম সাঁতোৰ সন্থাৰ প্ৰচাৰ সম্পাদক তথা কামৰূপ জিলা সাঁতোৰ সন্থাৰ সম্পাদক মুকুটেশ্বৰ গোস্বামী, জিলা ক্ৰীড়া বিষয়া সত্যব্ৰত গগৈ প্ৰমুখ্যে বিশিষ্ট খেলুৱৈসকল উপস্থিত থাকে। বাছনি প্ৰক্ৰিয়া জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ তত্বাৱধানত পংকজ ভৰালী, অসম সাঁতোৰ সন্থাৰ প্ৰতিনিধি মুকুটেশ্বৰ গোস্বামী, বাবুল গুৰুঙ আৰু অমিনেষ হালৈয়ে পৰিচালনা কৰে। ৪ খন জিলাৰ পৰা অহা আজিৰ বঁটা বিজয়ী খেলুৱৈসকলক পৰৱৰ্তী পৰ্যায় বাবে নিৰ্বাচিত কৰা হৈছে ।