খেতেকেশ্বৰ ভৰালীৰ বিয়োগত শোকপ্ৰকাশ

pc-istock

:খেতেকেশ্বৰ ভৰালীৰ বিয়োগত শোকপ্ৰকাশ:–

যোৱা ইং ৯-৮-২০২১তাৰিখ সোমবাৰে গোলাঘাটৰ কছাৰীহাট অঞ্চলৰ এগৰাকী আগশাৰীৰ সমাজসেৱক খেতেকেশ্বৰ ভৰালীদেৱে ইহলীলা সম্বৰণ কৰে।অসম চৰকাৰৰ জলসিঞ্চন বিভাগ ,গোলাঘাটৰ পৰা কাৰ্যদক্ষতাৰে ২০১৪ চনত অৱসৰ গ্ৰহণ কৰা ভৰালীদেৱ জীৱিত কালত কেইবাটাও অনুষ্ঠানৰ লগত প্ৰত্যক্ষভাৱে জড়িত থাকি অদম্য উদ্যমেৰে,সততাৰে আৰু কৰ্তব্যনিষ্ঠাৰে অনুষ্ঠানসমূহৰ বিভিন্ন কাম -কাজ ৰূপায়িত কৰিছিল।অঞ্চলটোৰ পিতৃস্বৰূপ এজন পৰামৰ্শদাতাক হেৰুৱাই অঞ্চলটোৱে এক গভীৰ শোক প্ৰকাশ কৰিছে।প্ৰয়াত ভৰালীদেৱৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰাৰ লগতে অনাগত দিনৰ বাবে আমাৰ সকলোৰে বাবে আদৰ্শ আৰু প্ৰেৰণাৰ উৎস হৈ ৰওক –এইয়ে আমাৰ কামনা। by mriganka baruah golaghat