খুদিগাঁৱত ৭০ মেগাৱাটৰ সৌৰশক্তি প্রকল্প উদ্বোধন মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নৱীকৰণযোগ্য, পৰিচ্ছন্ন আৰু সেউজ শক্তিৰ জৰিয়তে অসমক শক্তিখণ্ডত আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ খুদিগাঁৱত স্থাপন কৰা ৭০ মেগাৱাট ক্ষমতাসম্পন্ন সৌৰশক্তি প্রকল্পটো উদ্বোধন কৰে। উল্লেখ্য যে প্রায় ৩৫০ কোটিতকৈ অধিক টকা ব্যয়েৰে নিৰ্মাণ কৰা প্ৰকল্পটোত ১,৮০,৬০৫টা সৌৰ মডিউল আছে। প্রকল্পটোৱে বছৰি প্ৰায় ১৪১ মিলিয়ন ইউনিট বিদ্যুৎ উৎপাদন কৰিব আৰু প্ৰায় ১.১৫ লাখ টন কার্বন নির্গমন হ্রাস কৰিব। প্রকল্পটোৰ অন্তৰ্গত ৭০ মেগাৱাট সৌৰশক্তি কেন্দ্ৰ, ছুইচয়ার্ড আৰু কন্ট্র’ল ৰুম নির্মাণ কৰাৰ লগতে বিলাসীপাৰা গ্ৰীড ছাব-ষ্টেচনলৈ সৌৰশক্তি পৰিবহনৰ বাবে ৬ কিলোমিটাৰ পৰিবাহী লাইন সংস্থাপন কৰা হৈছে।

ৰূপায়ণকাৰী সংস্থাটোৱে ২৫ বছৰৰ বাবে প্ৰকল্পটোৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণ কৰিব। এই প্ৰকল্পৰ পৰা উৎপাদিত বিদ্যুৎ প্রতি ইউনিটত ৩.৯২ টকাত ক্ৰয় কৰাৰ বাবে ইতিমধ্যে এ পি ডি চি এল আৰু এছ জি ই এলৰ মাজত চুক্তি স্বাক্ষৰিত হৈছে। অসম শক্তি বিতৰণ কোম্পানীক আবণ্টন কৰা ১,০০০ বিঘা ভূমিত ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰালয়ৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ নৱৰত্ন উদ্যোগ এছজিভিএনৰ সহযোগী সংস্থা এছজিভিএন গ্রীন এনার্জী লিমিটেডে প্রকল্পটো নিৰ্মাণ কৰিছে। চৰকাৰে বেদখলমুক্ত কৰা ভূমিত প্রকল্পটো স্থাপন কৰা হৈছে।

উদ্বোধনী অনুষ্ঠানৰ অন্তত সাংবাদিকৰ আগত মুখ্যমন্ত্রী ড° শর্মাই কয় যে অভিলেখসংখ্যক সময়ত প্রকল্পটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে। এই প্রকল্পটোৱে অসমক বিদ্যুৎ শক্তিৰ ক্ষেত্রত আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰিব। এসময়ত ৰাজ্যখনত সৌৰশক্তি উৎপাদন একেবাৰে নাছিল। আজি সাজু হোৱা ৭০ মেগাৱাটসহ ৰাজ্যত উৎপাদিত সৌৰশক্তিৰ পৰিমাণ ৬৮০ মেগাৱাটলৈ বৃদ্ধিপালে। ৫০ মেগাৱাট ক্ষমতাসম্পন্ন আন এটা সৌৰশক্তি প্রকল্প শোণিতপুৰ জিলাৰ বৰছলাত নির্মীয়মাণ অৱস্থাত আছে আৰু অহা এপ্ৰিলৰ ভিতৰত এই প্রকল্পটো উদ্বোধন কৰিবলৈ পৰিকল্পনা কৰা হৈছে।

উদ্বোধনী অনুষ্ঠানত শক্তিমন্ত্রী প্রশান্ত ফুকনৰ উপৰি মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব ড° কে কে দ্বিবেদী, এপিডিচিএলৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰ, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অভিযান সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈ, ধুবুৰী জিলা আযুক্ত নৱদীপ পাঠক, কোকৰাঝাৰ জিলা আযুক্ত পংকজ চক্রবর্তী, এছ জে ভি এন লিমিটেডৰ উচ্চপদস্থ বিষয়াবৰ্গ আৰু কেইবাজনো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
