খিৰিকী খনৰ সিপাৰে তুমি
মুন শৰ্মা, লখিমপুৰ
মোৰ অনুৰোধ ৰৈ যোৱা কিছু পৰ
ডাৱৰৰ আঁৰে আঁৰে তোমাৰ আৰু কিমান ধেমালি,
ক্ষণিক সময় বাবে অলপ ৰৈ যোৱা।
এই সময়ৰ পৃষ্ঠা তোমাৰ নামত লিখাৰ বাবেই
আজি মোৰ এই উজাগৰী নিশা।
তোমাৰ প্ৰেম সৰা ৰূপালী জোনাকৰ আৱেশত,
নিজক আবদ্ধ কৰাৰ বাবেই
খুলিছো দিছোঁ আজি হৃদয়ৰ খিৰিকী
মাত্ৰ তোমাৰ বাবে মাত্ৰ তোমাৰ বাবে।
তুমি জানা….. নিসংগতাৰ সদাগৰ মই,
সংগ নাই সকলো প্ৰতাৰণা দৈত্য সকলো,
সংগ বিচৰা নাই বিশ্বাস হীন মনে নলয় আঁকোৱালি,
উপায়ন্ত মই
নিসংগতাৰ সাগৰত উপঙি ফুৰা
সংগ হীনতাৰ কলাজ এলান্ধুৰ মাজৰ বন্দী মই
নীৰৱ আত্মসমৰ্পণ ধুমুহাৰ নিষ্ঠুৰ খেলাত
অসহায় মোৰ জীৱন বাৰে বাৰে আত্মজাহ।
অসহায় মোৰ জীৱন বাৰে বাৰে আত্মজাহ।
কথা হল সিদিনা মনৰ লগত
বহু চেষ্টা, নিৰন্তৰ নিবিছিন্ন অৱশেষত সৈমান,
বন্ধুত্ব বান্ধোন নিস্বাৰ্থ , নাই কোনো প্ৰতাৰণা
কথা দিলোঁ গগণ,সমীৰ সাক্ষী আজি।
ৰৈ যোৱা, হেৰা ৰৈ যোৱা কিছুপৰ,
প্ৰয়োজন হেৰা” অলপ তোমাৰ,
সোণসৰা মুকুতা যেন নিস্বাৰ্থ মৰম এধানি
প্রতিদানত মোৰো একেই মৰম বৈ যাব তোমালৈ।
জীৱন জীয়াৰ যে তীব্ৰ হাবিয়াস।
তাৰ বাবেই……..
খুলি দিছোঁ আজি অতদিনৰ বন্ধ হিয়াৰ খিৰিকী
পাতো আহা জোনবাই তুমি আৰু মই মিলি
খিৰিকী খনৰ সিপাৰে তুমি আৰু এই পাৰে মই হৈ
প্ৰতিদিনে এখনি আজন্ম প্ৰেমৰ মহাৰাস।