খাৰঘূলিত বন্ধ কোঠালীতএগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ খাৰঘূলিত চাঞ্চল্যকৰ ঘটনা। ডিঙি ৰেপি হত্যা এগৰাকী মহিলাক।বন্ধ কোঠালীৰ ভিতৰত উদ্ধাৰ মহিলাগৰাকীৰ মৃতদেহ।মৃত মহিলাগৰাকীক বন্দনা দাস বুলি চিনাক্ত কৰা হৈছে।কাম কৰা মহিলাগৰাকীয়ে প্ৰথমে প্ৰত্যক্ষ কৰে মৃতদেহটো।ঘটনা সন্দৰ্ভত সোধা-পোছাৰ বাবে আটক দুই স্বামী-স্ত্রীক। কুঞ্জলতা দাস আৰু ৰাতুল দাসক সোধা-পোছা আৰক্ষীৰ। মহিলাগৰাকীৰ চোৱাচিতাৰ দায়িত্বত আছিল দুই স্বামী-স্ত্রী। ঘটনাৰ সময়ত মহিলাগৰাকীৰ কোঠাৰ দুৱাৰ খোলা আছিল। শাৰিৰীকভাৱে অসুস্থ আছিল বন্দনা দাস নামৰ মহিলাগৰাকী।ঘটনাস্থলীত আৰক্ষী আৰু ফৰেনচিকৰ দল উপস্থিত হৈছে।