খানাপাৰাৰ পৰা বিশাল শোভাযাত্ৰাৰে মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্রীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ৩৭নং জালুকবাৰী বিধানসভা সমষ্টিৰ পৰা মনোনয়ন-পত্র দাখিল কৰিব। আজি পুৱাৰ ভাগতে মুখ্যমন্ত্ৰীগৰাকী হেঙেৰাবাৰীৰ জিলা আযুক্তৰ কাৰ্যালয়ত বিশাল সমদল-হর্যোল্লাসেৰে নিজৰ মনোনয়ন-পত্র দাখিল কৰিব। এই উপলক্ষে আজিত জালুকবাৰী সমষ্টিৰ সৰ্বস্তৰৰ লোকৰ সহযোগত এক বিশাল সমদল কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে মহানগৰ জিলা আযুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰিব। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা সমদল কৰি জিলা কার্যালয়লৈ যাব মুখ্যমন্ত্রীগৰাকী। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে জালুকবাৰী সমষ্টিৰ সকলো বাইজক আৰু বিজেপিৰ নেতৃত্বৰ প্রতি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীগৰাকীয়ে কয়- জালুকবাৰী সমষ্টিব শ্রদ্ধাব বাইজ আৰু ভাৰতীয় জনতা পাটীৰ নেতৃত্বই মোক পুনৰ যি আস্থা আৰু বিশ্বাসেৰে আপোনালোকৰ আশা-আকাংক্ষাক প্রতিনিধিত্ব কৰাৰ দায়িত্ব অর্পণ কৰিছে, তাৰ বাবে আস্তবিকতাৰে আটাইলৈ কৃতজ্ঞতা আপন কৰিলোঁ। মা কামাখ্যা গোসাঁনী আৰু শ্রীমন্ত শংকৰদেৱ গুৰুজনাৰ আশীর্বাদ শিবত লৈ কাইলৈ অসম নির্বাচন-২০২৬ৰ বাবে মোব প্রার্থিত্বব মনোনয়ন-পত্র দাখিল কৰিম। এই যাত্রাকালত আপোনালোক সকলোবে অংশগ্রহণ আস্তবিকতাবে কামনা কবিলোঁ। উল্লেখ্য যে ২০০১ চনত তদানীন্তন অগপ বিষায়ক ভূণ্ড কুমাৰ ফুকনক পৰাস্ত কৰি অসম বিধানসভালৈ নির্বাচিত হৈছিল ড° শর্মা। পৰৱৰ্তী সময়ত অসম চৰকাৰত বহু গুৰুত্বপূর্ণ বিভাগৰ কেবিনেট মন্ত্রী হিচাপে দায়িত্ব সফলতাৰে পালন কৰা ড° হিমন্ত বিশ্ব শর্মাই ২০২১ চনৰ বিধানসভা নির্বাচনত জালুকবাৰী সমষ্টিৰ পৰাই বিজেপি দলৰ পৰা বিশাল ভোটৰ ব্যৱধানত বিজয়ী হৈ অসমৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰে। ২০০১ চনৰ পৰা ২০২৬ চনলৈ ড° শৰ্মাই বিধায়ক হিচাপে ৰূপালী জয়ন্তী পালন কবে। ইপিনে বিজেপি দলৰ পৰা প্রার্থিত্ব লাভৰ পিছতে মুখ্যমন্ত্রীগৰাকীক লৈ জালুকবাৰী সমষ্টিৰ ৰাইজৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনাৰ সৃষ্টি হৈছে। জালুকবাৰী সমষ্টিত নির্বাচনী প্রচাৰৰ কাৰণে উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীক স্থানীয় বাইজ আৰু বিজেপি সদস্য-সমর্থকসকলে পুষ্পবৃষ্টি কৰি আদৰণি জনোৱাৰ লগতে আশীর্বাদ প্রদান কৰে।
