খানাপাৰাত সাংস্কৃতিক সংগ্ৰহালয় প্রকল্প নিৰ্মাণৰ আনুষ্ঠানিক শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

খানাপাৰাত সাংস্কৃতিক সংগ্ৰহালয় প্রকল্প নিৰ্মাণৰ আনুষ্ঠানিক শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- পৱিত্ৰ বৃন্দাবনী বস্ত্র প্রদৰ্শনৰ বাবে গুৱাহাটীৰ খানাপাৰাত নিৰ্মাণ হ’বলগীয়া সাংস্কৃতিক সংগ্রহালয় প্রকল্প নিৰ্মাণৰ আনুষ্ঠানিক শুভাৰম্ভ কৰাৰ লগতে এই উপলক্ষে জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানতো অংশগ্ৰহণ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। ৰাজ্যৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ, ভকত-বৈষ্ণৱ উপস্থিত থকা এই অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্রী ড° শর্মাই বৃন্দাবনী বস্তুক অসমৰ সভ্যতা-সংস্কৃতিৰ প্ৰতীকস্বৰূপ বুলি অভিহিত কৰে। মুখ্যমন্ত্রী ড° শর্মাই  কয় যে এই অমূল্য বস্তুভাগি সুদীর্ঘ বছৰ ধৰি প্ৰজন্মৰ পিছত প্ৰজন্মই স্বচক্ষে দৰ্শনৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল আৰু আজি সাংস্কৃতিক সংগ্ৰহালয়টো নিৰ্মাণৰ শুভাৰম্ভ কাৰ্যসূচীৰ জৰিয়তে সেই পৱিত্ৰ বস্ত্রভাগি অসমলৈ ওভতাই অনাৰ প্ৰয়াসৰ শুভাৰম্ভ ঘটিছে। বস্তুভাগি নিৰ্মাণৰ যি কলা-কৌশল, তাক আজিও সম্পূৰ্ণৰূপে যে নিৰূপণ কৰিব পৰা নাই, সেই কথা ব্ৰিটিছ সংগ্ৰহালয়ৰ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়া শাখাৰ প্রাক্তন প্রধান ৰিচাৰ্ড ব্লার্টনে প্রকাশ কৰিছে। পৱিত্ৰ বৃন্দাবনী বস্ত্রভাগি অসমবাসীৰ বাবে কেৱল এখন বস্ত্র নহয় বুলি উল্লেখ কৰি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বৃন্দাবনী বস্ত্ৰৰ সৈতে জড়িত হৈ আছে অসমীয়াৰ আৱেগ তথা জাতীয় আৰু ধর্মীয় চেতনা। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু তেৰাৰ প্ৰপন্ন শিষ্য শ্রীশ্রীমাধৱদেৱৰ মাৰ্গদর্শনত তথা মথুৰা দাস বুঢ়া আতাৰ তত্ত্বাৱধানত পাটবাউসীৰ তাঁতিকুছিৰ শিল্পীসকলে বৈ উলিওৱা এই বস্ত্রভাগি স্বচক্ষে দেখিবলৈ পোৱাটো যিকোনো স্বাভিমানী অসমীয়াৰ বাবে এক গৌৰৱৰ ক্ষণ হ’ব।

বিভিন্ন ঘটনাচক্ৰৰ পাকত পৰি এই পৱিত্ৰ বস্তুভাগি প্রথমে ভূটান, তাৰ পিছত তিব্বত আৰু শেষত বিংশ শতিকাত সুদূৰ লণ্ডনৰ ব্ৰিটিছ সংগ্রহালয় পাইছিলগৈ। শৈশৱৰ পৰাই বৃন্দাবনী বস্ত্ৰৰ আখ্যানে তেওঁক আকৰ্ষিত কৰি আহিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়- ‘২০০৭-০৮ চনত ব্রিটিছ মিউজিয়ামত বৃন্দাবনী বস্ত্ৰ নিজ চকুৰে দেখাৰ মই সুযোগ পাইছিলোঁ। সেই অভিজ্ঞতা আছিল মোৰ জীৱনৰ আটাইতকৈ অবিস্মৰণীয় অভিজ্ঞতা। বস্ত্ৰভাগৰ বয়ন শৈলী, ৰঙৰ উজ্জ্বলতা আৰু ইয়াত নিহিত হৈ থকা উন্নত শৈল্পিক তথা কাৰিকৰী দক্ষতাই মোক স্তম্ভিত কৰিছিল। সেই মূহূৰ্ততে মই গভীৰভাৱে অনুভৱ কৰিছিলোঁ যে প্ৰতিগৰাকী অসমীয়াই জীৱনত অন্ততঃ এবাৰ হ’লেও আমাৰ পূৰ্বপুৰুষৰ এই অসাধাৰণ সৃষ্টিক ওচৰৰ পৰা দেখা পোৱাৰ সুযোগ পোৱা উচিত। সেই ভ্ৰমণৰ সময়তে মই বৃন্দাবনী বস্তুভাগ ৰাজহুৱা প্ৰদৰ্শনীৰ বাবে অসমলৈ অনাৰ সম্ভাৱনীয়তা সন্দৰ্ভত কথা-বতৰা পাতিছিলোঁ।’ প্রায় দুটা দশকজুৰি তদানীন্তন চৰকাৰসমূহেও বৃন্দাবনী বস্ত্রক ওভতাই আনিবলৈ প্রচেষ্টা চলাইছিল বুলি উল্লেখ কৰি তেওঁ কয় যে এটা সময়ত সকলোৱে অনুভৱ কৰিছিল যে এই বস্ত্রভাগি অসমলৈ অনাটো সম্ভব নহয়। এই কাম আধৰুৱা হৈ ৰ’ব বুলি এটা সময়ত তেওঁ নিজেও ভাবিবলৈ বাধ্য হৈছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ লগতে ভাৰতীয় দূতাৱাস আৰু ব্ৰিটিছ উচ্চায়ুক্তৰ লগত আলোচনা কৰি অৱশেষত এই বস্তুভাগি অসমলৈ কেনেকৈ ওভতাই আনিব পৰা যায়, তাৰ এক সুনিশ্চিত পৰিকল্পনা গ্ৰহণ কৰা হৈছিল। এই সমগ্ৰ পৰিকল্পনাটোত জে এছ ডব্লিউ গ্রুপে গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছিল বুলি তেওঁ কয়।

মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে যে দেশৰ অগ্রণী উদ্যোগ প্রতিষ্ঠান জে এছ ডব্লিউ গ্ৰুপৰ স্বত্বাধিকাৰ সজ্জন জিন্দালৰ মাতৃ সাৱিত্ৰী জিন্দালৰ জন্ম হৈছিল অসমৰ তিনিচুকীয়া জিলাত আৰু তিনিচুকীয়াত শিক্ষাগ্রহণৰ অন্তত হাৰিয়ানাৰ প্ৰখ্যাত ব্যৱসায়ী অ’পি জিন্দালৰ লগত তেওঁৰ বিবাহ হৈছিল। এডভান্টেজ আছাম-২.০ৰ সময়ত জে এছ ডব্লিউ গ্ৰুপৰ স্বত্বাধিকাৰ সজ্জন জিন্দালে তেওঁৰ মাতৃ সাৱিত্ৰী জিন্দাল আৰু পত্নী সংগীতা জিন্দালক অসমলৈ লৈ আহিছিল। সেই সময়ত আলাপ-আলোচনাৰ জৰিয়তে গম পোৱা গৈছিল যে কৰ্ণাটকৰ হাম্পিত সমগ্র হাম্পি সাম্ৰাজ্যৰ কীর্তি সংগৃহীত সংগ্রহালয়টো জে এছ ডব্লিউ গ্রুপে নিৰ্মাণ কৰিছিল। তেতিয়া বৃন্দাবনী বস্তুভাগি অসমলৈ অনাৰ ক্ষেত্ৰত জে এছ ডব্লিউ গ্ৰুপৰ সহায় বিচৰাত প্রতিষ্ঠানটোৱে সহমত প্রকাশ কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে এই আলোচনা হৈছিল বিগত বৰ্ষৰ এপ্রিল মাহত। ভাৰত চৰকাৰৰ কূটনৈতিক ব্যৱস্থা আৰু জে এছ ডব্লিউ ফাউণ্ডেচনৰ অধ্যক্ষা সংগীতা জিন্দালৰ ব্যক্তিগত প্রয়াসত কেই বাটাও চর্তসাপেক্ষে ব্রিটিছ সংগ্ৰহালয়ৰ পৰা বৃন্দাবনী বস্ত্রভাগি অসমলৈ অনাৰ বাবে অনুমতি লাভৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আজিৰ পর্যায়লৈ আগবাঢ়ি বলৈ সক্ষম হৈছে। এখন বিশেষ বিমানেৰে বৃন্দাবনী বস্তুভাগি অসমলৈ অনাৰ ব্যৱস্থা কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্রায় ৫০০ বছৰ পুৰণি এই বৃন্দাবনী বস্তুভাগিৰ ওপৰত প্রয়োজনীয় সূৰ্যৰ কিৰণৰ তাৰতম্য ঘটিলেও বস্ত্ৰভাগিৰ বয়স কমি যোৱাৰ সম্ভাৱনা আছে। সেই বাবে আজিকালি ব্রিটিছ সংগ্রহালয়তো এই বস্ত্রভাগি প্রদর্শন কৰা নহয় আৰু কোনোবাই চাব বিচাৰিলে আগতীয়াকৈ ই-মেইলযোগে যোগাযোগ কৰিলেহে সংগ্ৰহালয় কর্তৃপক্ষই এটা বিশেষ দিনত প্ৰদৰ্শনকাৰীক মাতি বস্ত্ৰভাগি চোৱাৰ সুবিধা প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে এই বস্ত্ৰভাগি ৰখাৰ স্থানৰ শীত, তাপ আৰু পোহৰ নিয়ন্ত্ৰণ ব্যৱস্থা ব্রিটিছ সংগ্ৰহালয়ৰ দৰে হ’ব লাগিব। তেওঁ লগতে জানিবলৈ দিয়ে যে অসম চৰকাৰৰ আহ্বানমর্মে জে এছ ডব্লিউ গ্রুপে প্ৰতিষ্ঠানৰ সামাজিক দায়বদ্ধতা ‘চি এছ আৰ) আঁচনিৰ অধীনত খানাপাৰাত আজি আধাৰশিলা স্থাপন কৰা অত্যাধুনিক সংগ্ৰহালয়টো নিৰ্মাণ কৰিব।

মুখ্যমন্ত্ৰীয়ে কয় যে এই সংগ্রহালয়টো নিৰ্মাণৰ বাবে অসম চৰকাৰে ভূমি প্ৰদান কৰাৰ বাহিৰে কোনো ব্যয় বহন কৰিব নালাগে বুলি প্রতিষ্ঠানটোৱে আশ্বাস প্রদান কৰিছে। বিবাহসূত্রে হাৰিয়ানাৰ বাসিন্দা হৈ ব্যৱসায়িকভাৱে প্রতিষ্ঠা লাভ কৰাৰ লগতে বিধায়িকা হিচাপেও কাৰ্যনিৰ্বাহ কৰা এগৰাকী অসম জীয়ৰীৰ মাতৃভূমিৰ প্ৰতি থকা মৰমে বৃন্দাবনী বস্তুভাগিৰ সৈতে নিজক জড়িত কৰাৰ বাবে তেওঁক পুনৰ অসমলৈ মাতি আনিছে বুলি মুখ্যমন্ত্রীয়ে মন্তব্য কৰে। তেওঁ লগতে অসমৰ বাবে আগবঢ়োৱা এই অৰিহণাৰ বাবে সজ্জন জিন্দাল, সাৱিত্রী জিন্দাল আৰু সংগীতা জিন্দালক ৰাজ্যবাসীৰ হৈ ধন্যবাদ জ্ঞাপন কৰে। ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে জিন্দাল গ্রুপক অসমত বিনিয়োগৰ বাবেও আহ্বান জনায়। অনুষ্ঠানত মুখ্যমন্ত্রীয়ে কয় যে ২০২১ চনৰ ১০ মে’ত তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণৰ পিছতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎলাভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ বিকাশ আৰু উন্নয়নৰ লগতে ইয়াৰ চহকী ঐতিহ্য, কলা-সংস্কৃতি আৰু পৰম্পৰা জীয়াই ৰখাৰ বাবে কাম কৰিবলৈ তেওঁক আহ্বান জনাইছিল। মুখ্যমন্ত্রীয়ে কয় যে কেৱল বিহু, বাগুৰুমবা আৰু ঝুমুইৰ নৃত্যৰ পৰিৱেশন চাবলৈকে প্রধানমন্ত্রীয়ে অসমলৈ তিনিবাৰ আহিছিল। অসমৰ সংস্কৃতিৰ প্ৰতি থকা গভীৰ সন্মানবোধৰ বাবে যেতিয়াই সংস্কৃতিৰ সৈতে জড়িত হোৱাৰ সুযোগ লাভ কৰে, সেই সুযোগ প্রধানমন্ত্রীয়ে কেতিয়াও এৰিব নোখোজে। ভাষণত মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে ৰাজ্য চৰকাৰৰ যোৱা পাঁচটা বছৰৰ কাৰ্যকালৰ ভিতৰতে অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে, বিহু-ঝুমুইৰ-বাণ্ডৰুমবা নৃত্যই আজি বিশ্বৰ সাংস্কৃতিক মঞ্চত জিলিকি উঠিছে। তেনেদৰে, চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিছে আৰু বীৰ লাচিত বৰফুকনৰ সুবিশাল প্রতিমূর্তি নিৰ্মাণ কৰা হৈছে। তেওঁ কয়- ‘যোৱা পাঁচটা বছৰ আছিল অসমৰ সংস্কৃতি পুনৰুদ্ধাৰৰ সময়। এই সময়ছোৱাত স্কুল, কলেজ, দলং, চিকিৎসা মহাবিদ্যালয় আদি আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছিল যদিও এই সমগ্ৰ বিকাশৰ আঁৰত আছিল অসমৰ সংস্কৃতিৰ উদ্ধাৰ আৰু ৰাজ্যখনক ভাৰতবৰ্ষৰ ভিতৰতে এখন উজ্জ্বল ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ পণ। অর্থনৈতিক, সাংস্কৃতিক আদি সকলো দিশৰ পৰাই ভাৰতবৰ্ষই আজি অসমলৈ উভতি চাইছে।’ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কিছুদিন পূর্বে বটদ্ৰৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে বাথৌ ধর্ম সম্মিলনতো কেন্দ্রীয় গৃহমন্ত্ৰীয়ে অংশগ্রহণ কৰিছিল।

তদুপৰি, পশ্চিম বৰাগাঁৱত নিৰ্মিত শ্বহীদ স্মাৰকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহ আহি উপস্থিত হৈ ৮৬০গৰাকী শ্বহীদক প্রণিপাত জনোৱাৰ কথাও তেওঁ ভাষণত উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ সত্ৰ, বনভূমি, ট্রাইবেল বেল্ট এণ্ড ব্লক আদি এসময়ত বেদখলৰ কবলত পৰিছিল। মুখ্যমন্ত্ৰীয়ে কয়- ‘এটা সময় আহিছিল যে জাতিটোরে যেন বেদখলকাৰীসকলৰ ওচৰত আত্মসমর্পণ কৰিছিল। কিন্তু বীৰ লাচিতৰ দিনতো অসমীয়াই আত্মসমর্পণ কৰা নাছিল আৰু আজিও নকৰে। সেয়ে যোৱা পাঁচটা বছৰত আমি উচ্ছেদ অভিযান চলাবলৈ সিদ্ধান্ত লৈছিলোঁ। আজি অসমীয়াই অটল আৰু অবিচল হৈ থাকি ডেৰ লাখ বিঘা ভূমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। এইদৰে উদ্ধাৰ কৰা ভূমিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰ, চৰকাৰী প্ৰকল্প আদি নিৰ্মাণ কৰা হৈছে যাতে এই উচ্ছেদিত ভূমিত পুনৰ বেদখলকাৰী সোমাব নোৱাৰে। এয়া হৈছে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা জাতীয় জীৱনৰ সংকল্প।’ অসমীয়া জাতি এক ঐতিহ্যপূৰ্ণ পৰম্পৰাৰ উত্তৰাধিকাৰী বুলি অভিহিত কৰি মুখ্যমন্ত্রীয়ে কয় যে মহাৰাজ পৃথুৰ পৰা বীৰ লাচিতলৈ অসমীয়াই আক্রমণকাৰীক কেইবাবাৰো পৰাজিত কৰিছিল। নালন্দা বিশ্ববিদ্যালয়ত অগ্নিসংযোগ কৰাজনক অসমৰ মাটিত মহাৰাজ পৃথুৱে পৰাজিত কৰিছিল। শৌর্য-বীর্য আৰু মহান সংস্কৃতিৰ অধিকাৰী অসমীয়া জাতি কেতিয়াও পৰাজিত হ’ব নোৱাৰে বুলিও মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সাংস্কৃতিক উত্তৰণ, আধ্যাত্মিক উত্তৰণ সকলোতে অসমীয়া জাতি আগবাঢ়ি যাব আৰু বৃন্দাবনী বস্ত্রভাগি যেতিয়া অসমলৈ ওভতাই অনা হ’ব অসমীয়াই নিজকে নিজে আকৌ এ বাৰ গৌৰৱ কৰিবলৈ সুযোগ পাব যে তেওঁলোকে এনে এখন মহান দেশত জন্মগ্রহণ কৰিছে, যিখন দেশত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, মথুৰা দাস বুঢ়াআতাই জন্মগ্রহণ কৰিছিল। তেওঁ কয়- ‘এটা জাতিৰ অন্তৰত যেতিয়া স্বাভিমান জাগ্রত হয়, যেতিয়া ঐতিহ্য আৰু পৰম্পৰাৰ সৈতে চিনাকি হোৱাৰ সুযোগ আহে, তেতিয়াই স্বদেশপ্ৰেম আৰু জাতীয়তাবাদৰ জন্ম হয়।’ স্বদেশপ্রেম আৰু জাতীয়তাবাদ ব্যক্তিগত স্বাৰ্থৰ বস্তু হ’ব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে ই এটা জাতিৰ পুনৰ উদ্ধাৰ আৰু নৱজাগৰণৰ আটাইতকৈ ডাঙৰ সম্পদ। তেওঁ কয় যে বৃন্দাবনী বস্ত্ৰৰ অসম আগমনে অসমৰ নৱপ্ৰজন্মক প্ৰেৰণা যোগাব আৰু অসমীয়াই নিজৰ ঐতিহ্য পুনৰ সাব্যস্ত কৰিব পাৰিব।

আজিৰ দিনটো এক অত্যন্ত আনন্দ আৰু আৱেগৰ দিন বুলি উল্লেখ কৰি তেওঁ কয় যে আজিৰে পৰা আনুষ্ঠানিকভাৱে বৃন্দাবনী বস্ত্ৰভাগি অসমৰ ৰাইজে চোৱাৰ দিশত এক নতুন যাত্ৰাৰ আৰম্ভণি হ’ল। অসম লোকসেৱা আয়োগৰ কাৰ্যালয়ৰ সমীপত দুই একৰ ভূমিত এই সংগ্ৰহালয়টোৰ নিৰ্মাণকাৰ্য অহা ডেৰ বছৰৰ ভিতৰত সম্পূর্ণ হ’ব বুলি তেওঁ সদৰী কৰে। অতি উচ্চমানৰ এই সংগ্ৰহালয়টোলৈ বিশ্বৰ যিকোনো আপুৰুগীয়া সম্পদ সময়ে সময়ে লৈ আহিব পৰা যাব বুলিও তেওঁ কয়। উক্ত অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী বিমল বড়া, হস্ততাঁত-বস্ত্রশিল্প আৰু ৰেচম আদি বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ ভুবনেশ্বৰ কলিতা, বিজুলী কলিতা মেধি, বিধায়ক অতুল বৰা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, মুখ্য সচিব ড° ৰবি কোটা, অসমৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰসকল, ভকত-বৈষ্ণৱ, অ’ পি জিন্দাল গ্ৰুপৰ অধ্যক্ষা এমেৰিটাছ আৰু হাৰিয়ানাৰ হিছাৰ বিধানসভা সমষ্টিৰ বিধায়িকা সাবিত্রী জিন্দাল, জে এছ ডব্লিউ গ্ৰুপৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সজ্জন জিন্দাল, জে এছ ডব্লিউ ফাউন্জেনৰ অধ্যক্ষা সংগীতা জিন্দাল, ব্ৰিটিছ সংগ্ৰহালয়ৰ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়া বিভাগৰ প্রাক্তন প্রধান ৰিচাৰ্ড ব্লার্টন প্রমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।