খানাপাৰাত বুথ বিজয় সংকল্প সমাৰোহত নিৰ্বাচনৰ ৰণডংকা বজালে প্ৰধানমন্ত্ৰীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ বিৰোধী শক্তি কংগ্ৰেছ দলক বিভিন্ন বাক্যবাণেৰে তুলাধুনা দি সমাগত অসম বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজালে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ বিশাল ‘বুথ বিজয় সংকল্প সভা’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নির্বাচনী ৰণডংকা বজায়। এদিনীয়া কাৰ্যসূচীৰে শনিবাৰে অসমত উপস্থিত হোৱা প্রধানমন্ত্রী মোদীয়ে খানাপাৰাস্থিত ৰাজ্যিক পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত উপস্থিত হৈ ৰাজ্যিক বিজেপিয়ে আয়োজন কৰা বুথ বিজয় সংকল্প সভাত অংশগ্রহণ কৰে। স্বভাবসুলভ ভংগীৰে পুনৰ অসমীয়াতে ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়- সকলোকে নমস্কাৰ জনাইছোঁ, কি খবৰ আপোনালোকৰ? জয় আই অসম ধ্বনি দি ভাষণ আৰম্ভ কৰা প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণৰ আৰম্ভণিতে বিজেপিৰ কাৰ্যকর্তাসকলক কুশল বার্তা সুধি কয়- অসমৰ বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাৰ সাক্ষাৎ পোৱাটো মোৰ বাবে সৌভাগ্যৰ কথা । বুথ পৰ্যায়ৰ কাৰ্যকতাসকলেই হৈছে বিজেপিৰ চালিকা শক্তি । ভাৰত মাতাৰ জয় আৰু জনসেৱাক ধৰ্ম বনোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ । বিজেপি আজি যি পৰ্যায়ত উপনীত হৈছে তাৰ কৃতিত্ব কেৱল বিজেপিৰ কাৰ্যকৰ্তাসকলৰ । কাৰ্যকৰ্তাই হৈছে বিজেপিৰ প্ৰাণবায়ু তথা অক্সিজেন । মোৰ বাবে ডাঙৰ প্ৰাপ্তি যে মই বিজেপিৰ কাৰ্যকৰ্তা । প্রধানমন্ত্রী মোদীয়ে বিজেপিৰ বুথ বিজয় সংকল্পত ভাষণ দি পুনৰ ক্ষমতালৈ অহাৰ দাবী কৰাই নহয়, বিৰোধী কংগ্রেছকো দিলে তুলাধুনা।

প্রধানমন্ত্রী মোদীৰ মন্তব্য- অসমক কংগ্ৰেছে অশান্তি-অৰাজকতাৰ দিশে ঠেলি দিব বিচাৰিছে। যি উত্তৰ-পূবক কংগ্ৰেছে অৱজ্ঞা কৰিছিল আমি সেই উত্তৰ-পূবক সেৱা কৰিছোঁ। কংগ্ৰেছ এতিয়া বিষাক্ত হৈ পৰিছে বুলি উল্লেখ কৰি দলীয় কার্যকর্তাক উদ্দেশ্যি প্রধানমন্ত্রীৰ মন্তব্য- আপোনালোকে পাহৰি যাব নালাগে। যোৱা ১০ বছৰ শাসনৰ পৰা বাহিৰত থাকি কংগ্ৰেছ অধিক বিষাক্ত হৈ পৰিছে। এতিয়া কংগ্ৰেছৰ শীৰ্ষ নেতাৰ পৰা তলৰ কৰ্মীলৈকে তেওঁলোকৰ মুখেৰে কেৱল বিষহে ওলায়। কংগ্রেছে অসমক পুনৰ অশান্তি আৰু অৰাজকতাৰ ফালে ঠেলি দি বেদখলকাৰীৰ হাতত তুলি দিব-বিচাৰিছে। দলটোৰ দিল্লীৰ নেতাসকলৰ লগতে ৰাজ্যৰ কংগ্ৰেছ নেতৃত্বও এতিয়া অবৈধ বেদখলকাৰীৰ ৰক্ষণাবেক্ষণত নামি পৰিছে। কংগ্ৰেছে অসমৰ আচল পৰিচয় নোহোৱা কৰি দিব বিচাৰিছে। অহা পাঁচ বছৰ অসমৰ বাবে যথেষ্ট গুরুত্বপূর্ণ হ’ব। এই সময়ছোৱাত বহুত প্রকল্প ৰূপায়ণ হ’ব, যিয়ে অসমৰ উন্নয়নৰ ডেউকাৰূপে পৰিচিত হ’ব। যাৰ বাবে অসমত ডাব্ল ইঞ্জিনৰ চৰকাৰৰ প্ৰয়োজন। প্ৰধানমন্ত্ৰীয়ে পুনৰ কয়-যিসকলে উত্তৰ-পূবক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ শ্লোগান দিছিল, সেইসকল কংগ্ৰেছৰ বাবে আদৰণীয় আছিল। স্বাধীনতাৰ সময়ত মুছলিম লীগে দেশৰ বিভাজন আনিছিল। কংগ্ৰেছ এতিয়া মাওবাদী-মুছলিম লীগ হৈছে। যিয়ে পুনৰ দেশখন দুভাগ কৰিব বিচাৰিছে। কংগ্রেছ এতিয়া এমএমচি। গতিকে সকলোৱে কংগ্ৰেছৰ পৰা সাবধানে থাকিব লাগিব। অসমৰ ৰাইজকো কংগ্ৰেছৰ পৰা সাৱধানে ৰাখিব লাগিব। কংগ্ৰেছৰ কু-শাসনৰ কথা আজিৰ প্ৰজন্মই নাজানে। কংগ্ৰেছৰ শাসন অসমতেই হওক বা দিল্লীতেই হওক, তেওঁলোকে অসমক বিপর্যয় অৱস্থাত পেলাই থৈছিল। অসমৰ বিকাশৰ ক্ষেত্ৰত, অসমৰ ৰাইজৰ উন্নয়নৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে। কিন্তু কংগ্রেছে তেওঁলোকে ৭০ বছৰীয়া শাসনকালত ব্ৰহ্মপুত্ৰৰ ওপৰত মাত্ৰ তিনিখন দলঙহে নিৰ্মাণ কৰিলে। দলটোত প্রধানমন্ত্রীও অসমৰ পৰাই নিৰ্বাচিত হৈছিল। কিন্তু তাৰ পিছতো মাত্র তিনিখন দলং? অসমৰ বিকাশৰ মূল চালিকাৰূপে পৰিচিত ব্ৰহ্মপুত্ৰৰ ওপৰত কংগ্ৰেছে স্বাধীনতাৰ দীর্ঘ সময়ৰ পিছত মাত্র তিনিখন দলং নির্মাণ কৰি অসমক প্ৰতাৰণা কৰা নাছিলনে? এনে অৱস্থাৰে অসমৰ বিকাশ তীব্ৰতৰ হোৱা সম্ভৱ হ’ব পাৰে জানো? ২০১৪ত দিল্লীত বিজেপি চৰকাৰ গঠনৰ দুই-তিনি বছৰ পিছত অসমতো গঠন হ’ল বিজেপি চৰকাৰ। ইয়াৰ ফলশ্রুতিত যোৱা ১০-১১ বছৰত বিজেপি-এনডিএ চৰকাৰে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ৫খন বৃহৎ বদলং নিৰ্মাণ সম্পূৰ্ণ কৰিলে। কংগ্ৰেছৰ তিনিখন দলং নিৰ্মাণৰ বিপৰীতে বিজেপিয়ে ১০ বছৰতেই ৫খন দলং নিৰ্মাণ কৰিলে। কংগ্রেছে কেৱল অসমক সমস্যাহে দিছিল। কিন্তু বিজেপিয়ে অসমক সমাধান দিলে। কুমাৰ ভাস্কৰ বৰ্মা সেতু অসমৰ আধুনিক আন্তঃগাঁথনিৰ পৰিচয়। এই দলঙে গুৱাহাটীক দেশৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ কৰি তুলিব।

প্ৰধানমন্ত্ৰীয়ে পুনৰ কয়- কংগ্ৰেছে তুষ্টিকৰণ, ভোটবেংকৰ ৰাজনীতি কৰিছিল, কংগ্ৰেছৰ কু-শাসনৰ বাবেই স্থবিৰ হৈছিল অসমৰ উন্নয়ন। কিন্তু বিগত ১০ বছৰত দেশত যি নতুন প্রকল্প আৰম্ভ হৈছে তাৰ সুফল পাই আছে অসমে। এতিয়া বন্দে ভাৰত শ্লীপাৰ ৰে’লৰ অসমৰ পৰাই আৰম্ভ হৈছে। যি উত্তৰ-পূব তথা অসমক কংগ্ৰেছে অৱজ্ঞা কৰিছিল, আমি সেই উত্তৰ-পূবক সেৱা কৰিছোঁ। অসমবাসীৰ মৰম মই কেতিয়াও পাহৰিব নোৱাৰোঁ বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয়- ৫জি টেকন’লজী অসমত তথা উত্তৰ-পূবৰ প্ৰতিখন গাঁৱত উপলব্ধ। অসমৰ যুৱ সমাজে হাইস্পীড ইণ্টাৰনেট সুবিধা লাভ কৰিছে। কংগ্ৰেছৰ কাৰ্যকালত বিধ্বস্ত হৈ পৰা স্বাস্থ্য সেৱা উন্নয়নত গুৰুত্ব দি বিজেপিয়ে গুৱাহাটীত এইমছ স্থাপন কৰিলে। আজি অসমত আইআইএম উদ্বোধন হ’ল। প্রধানমন্ত্রীয়ে কয়- অসমৰ চাহৰ দৰেই অসমত নিৰ্মাণ হোৱা চিপছে সমগ্র বিশ্বতেই চৰ্চাৰ বিষয় হ’ব। চাহৰ পৰা চিপছলৈ অসমত বিকাশৰ যাত্রা সমগ্র বিশ্বই দেখিবলৈ পাব। মই অসমক প্রতিশ্রুতি দিব বিচাৰিছোঁ আপোনালোকে মোক যি মৰম দিলে, তাক মই সুদসহ ওভতাই দিম। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ভাষণ আগবঢ়ায় ।বিজেপিৰ বুথ বিজয় সংকল্প সভাত মন্ত্রী অতুল বৰা, মন্ত্রী কেশৱ মহন্ত, বিটিচি প্রধান হাগ্রামা মহিলাৰী, মন্ত্রী উর্খাগৌৰা ব্ৰহ্ম, ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী প্রভাৰী বৈজয়ন্ত জয় পাণ্ডা, বিজেপিৰ ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী, ৰাজ্যিক সাংগঠনিক জি আৰ ৰবীন্দ্ৰ ৰাজুকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে । খানাপাৰাৰ অনুষ্ঠান শেষ হোৱাৰ পাছত প্ৰধানমন্ত্রী দিল্লী অভিমুখে ৰাওনা হয় ।
