খানাপাৰাত পদুমৰ ছবি অংকন কৰি মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিলে বিজেপিৰ প্ৰচাৰ অভিযান

খানাপাৰাত পদুমৰ ছবি অংকন কৰি মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিলে বিজেপিৰ প্ৰচাৰ অভিযান
মঙ্গলদৈত দিলীপ শইকীয়া আৰু ডিব্ৰুগড়ত সৰ্বানন্দ সোনোৱালৰ “দেৱাল লিখন”

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় জনতা পার্টিয়ে “দেৱাল লিখন”ৰ জৰিয়তে ২০২৬ চনৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যজুৰি প্ৰচাৰ অভিযানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কবে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই দিশপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ৰ সমীপৱৰ্তী স্থানত ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ গৰিমাময় উপস্থিতিত পদুমৰ ছবি অংকন কৰি “দেৱাল লিখন” কাৰ্যক্ৰমৰ শুভাৰম্ভণি কৰাৰ লগতে আনুষ্ঠানিকভাবে নির্বাচনী প্রচাৰ অভিযানৰো আৰম্ভণি কৰে। দলৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত ৰাজ্যিক মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাই এই কথা জানিবলৈ দিয়ে। উল্লেখযোগ্য যে, গুৱাহাটীত মুখ্যমন্ত্ৰীয়ে দলৰ “দেরাল লিখন” অভিযান আৰম্ভ কৰাৰ পিছতেই দৰং জিলাৰ মঙ্গলদৈ বিধানসভা সমষ্টিত উপস্থিত হৈ ৰাজ্যিক সভাপতি শ্রীশইকীয়াই “দেৱাল লিখন” কাৰ্যসূচীৰ তাতো শুভাৰম্ভণি কৰে। শ্রীশৰ্মাই বিবৃতিটোত লগতে কয় যে, ৰাজ্যৰ সকলো চহৰ, জিলা আৰু সমজিলাৰ সদৰ কেন্দ্র, প্রতিটো বিধানসভা সমষ্টিতকে ধৰি সকলো অঞ্চল সামৰি “দেৱাল লিখন” কার্যক্রম আজিৰে পৰা দলীয় কার্যকর্তা সকলে আৰম্ভ কৰিছে। দলৰ সকলো মন্ত্রী-বিধায়ক, সাংসদকে ধৰি বুথ পর্যায়লৈকে বিভিন্ন দায়িত্বত থকা সকলো কার্যকর্তাই এই কাৰ্যক্ৰমত আজিৰে পৰা অংশগ্ৰহণ কৰিব। “দেৱাল লিখন”ৰ এই অভিযান নির্বাচন সমাপ্ত নোহোৱালৈকে চলি থাকিব বুলি শ্রীশর্মাই জানিবলৈ দিয়ে। উল্লেখযোগ্য যে, কেন্দ্রীয় মন্ত্রী তথা প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোনোৱাল ডিব্ৰুগড়ত “দেবাল লিখন” অভিযানৰ অংশীদাৰ হয়। সমগ্র ৰাজ্যতে আজিৰে পৰা আৰম্ভ হোৱা প্রথম পর্যায়ৰ “দেৱাল লিখন”ৰ বাবে বাচনি কৰা শ্লোগানসমূহ হৈছে- “বিজেপি আমাক কিয় লাগে-সভ্যতা, সংস্কৃতি আৰু জীৱন সুৰক্ষাৰ বাবে-আকৌ এবাৰ বিজেপি চৰকাৰ”, “বিজেপি আমাক কিয় লাগে-আমাৰ মাটি, আমাৰ অধিকাৰৰ বাবে-আকৌ এবাৰ বিজেপি চৰকাৰ”, “বিজেপি আমাক কিয় লাগে-মহিলাৰ আর্থিক সবলীকৰণৰ বাবে-আকৌ এবাৰ বিজেপি চৰকাৰ”, “বিজেপি আমাক কিয় লাগে-মেধাৰ ভিত্তিত স্বচ্ছ নিযুক্তিৰ বাবে-আকৌ এবাৰ বিজেপি চৰকাৰ”, “বিজেপি আমাক কিয় লাগে-বিকশিত, সুৰক্ষিত আৰু আত্মনির্ভৰ অসমৰ বাবে- আকৌ এবাৰ বিজেপি চৰকাৰ”, “অসমৰ সুৰক্ষা বিজেপিৰ প্রতিজ্ঞা-অসমৰ দৰকাৰ বিজেপি চৰকাৰ”, “বিকশিত অসমৰ বাবে বিজেপিক ভোট দিওঁ আহক”।