খানাপাৰাত ‘এডভান্টেজ অসম’ৰ প্ৰস্তুতিৰ বুজ ললে উদ্যোগ মন্ত্ৰী বিমল বড়াই
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ ঔদ্যোগিক ক্ষেত্রখনৰ প্ৰসাৰৰ বাবে বিনিয়োগকাৰীক ৰাজ্য খনত উদ্যোগ স্থাপন কৰাৰ দিশত আকৰ্ষিত কৰিবলৈ ২৫ আৰু ২৬ ফেব্রুৱাৰীত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা বিনিয়োগকাৰী আৰু আন্ত:গাঁথনি সন্মিলন- ‘এডভান্টেজ অসম২.০’ৰ আজি প্ৰস্তুতিৰ অগ্ৰগতিৰ বুজ লয় উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই।ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়া মুকেশ ছাহু,অসম ঔদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক মানবেন্দ্র প্ৰতাপ সিঙৰ লগতে উদ্যোগ, লোক নিৰ্মাণ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, অসম শক্তি বিতৰণ কোম্পানী লিমিটেড আদিৰ বিষয়া সকলৰ পৰা খানাপাৰাৰৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত হ’ব লগা অনুষ্ঠানটিৰ বাবে মূল মণ্ডপকে ধৰি বিভিন্ন নিৰ্মাণ কাৰ্য সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে বুজ লয়।মন্ত্রী বড়াই সভা গৃহ, প্ৰদৰ্শনী গৃহ, বি টু বি আৰু বি টু জি সন্মিলন কক্ষ, সংবাদ মাধ্যমৰ বাবে স্হাপন কৰিবলগীয়া সা সুবিধা , যান বাহন ৰাখিব লগীয়া স্হান সমূহ পৰিদৰ্শন কৰে আৰু যাৱতীয় পৰামৰ্শ প্ৰদান কৰে।উল্লেখ্য যে ২৫ আৰু ২৬ ফেব্রুৱাৰীত ‘এডভান্টেজ অসম’ শীর্ষক বিনিয়োগকাৰী সন্মিলন অনুষ্ঠিত হ’ব যদিও ২৪ ফেব্রুৱাৰীত সৰুসজাই ক্ৰীড়া প্ৰকল্পত প্ৰায় ৮ হেজাৰ শিল্পীয়ে পৰিৱেশন কৰিবলগীয়া ‘ঝুমইৰ বিনন্দিনী’ শীর্ষক ঝুমইৰ নৃত্যৰ কাৰ্যসূচীত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থকাৰ কথা।এডভান্টেজ অসম২.০’ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ লগতে ভূটানৰ প্ৰধানমন্ত্ৰী গৰাকীও উপস্থিত থাকিব। পাঁচখনকৈ দেশ সহযোগী হিচাপে থাকিব লগা এই সন্মিলনত দেশ -বিদেশৰ পাঁচ শতাধিক উদ্যোগী বা বিনিয়োগকাৰী অংশ গ্রহন কৰিব বুলি আশা কৰা হৈছে।