“খাদ্য অপচয়” আমি আৰু আমাৰ পৰিৱেশ – বন্দিতা শৰ্মা কন্দলি

“খাদ্য অপচয়” আমি আৰু আমাৰ পৰিৱেশ

বন্দিতা শৰ্মা কন্দলি, দেৰগাঁও

‘অপচয় ‘ বুলিলে সাধাৰণতে হানি হোৱা বা নষ্ট হোৱাকে বুজায়। এই অপচয় বিভিন্ন দিশত হ’ব পাৰে! যেনে সময়ৰ অপচয়, ধনৰ অপচয় , বিভিন্ন ধৰণৰ সামগ্ৰীৰ অপচয়, খাদ্য সামগ্ৰীৰ অপচয়,বনজ সম্পদৰ অপচয়, খনিজ সম্পদৰ অপচয়, জীৱাশ্ম ইন্ধনৰ অপচয়,পানী অপচয় ইত্যাদি । ʼঅপচয় ʼ শব্দটোৱে যেইকোনো এটা দিশতে যে প্ৰভাৱ পেলাই তেনে নহয় ই সৰ্বত্ৰতে প্ৰভাৱ বিস্তাৰ কৰে।সমাজ, সংস্কৃতি, অৰ্থনীতি, ৰাজনীতি, পৰিৱেশ তথা প্ৰকৃতিৰ বহন ক্ষমতাৰ ওপৰতো যথেষ্ট কু-প্ৰভাৱ পেলায়।
আজিৰ আমাৰ আলোচ্য বিষয়টো হৈছে ‘খাদ্য অপচয় ʼ । খাদ্যদ্ৰব্য বিশেষ কাৰণবশতঃ ব্যৱহাৰৰ অনুপযোগী হ’লে নাইবা পেলাই দিব লগীয়া হ’লে খাদ্যৰ হানি বা অপচয় হোৱা বুলি কোৱা হয়।২০২১ চনৰ খাদ্য আৱৰ্জনা সূচাঙ্ক প্ৰতিবেদন মতে যি কোনো পদাৰ্থ,সেয়া প্ৰক্ৰিয়াকৃত,অৰ্ধ-প্ৰক্ৰিয়াকৃত বা কেঁচাই হওক,যিবোৰ মানুহে খোৱাৰ বাবে প্ৰস্তুত কৰা হয় সেয়াই খাদ্য বুলি সংজ্ঞা আগবঢ়াইছে। সেই প্ৰতিবেদন অনুসৰি বিশ্বজুৰি উৎপাদিত খাদ্যৰ ৩১ শতাংশ হয় ক্ষয় য়ায় নহয় অপচয় হয়।মাত্ৰ ৬৯ শতাংশ খাদ্য হে ব্যৱহাৰ যোগ্য হৈ আছে।খাদ্যৰ এই ক্ষয় বা অপচয় নিৰ্দিষ্ট এটা পৰ্যায়ত নহয় বৰঞ্চ উৎপাদন থলীৰ পৰা আৰম্ভ কৰি বিভিন্ন স্তৰ অতিক্ৰম কৰি খোৱাৰ মেজত পৰালৈকে অপচয় হৈ থাকে। কৃষি ভূমিৰ পৰা আৰম্ভ হোৱা স্তৰ সমূহক এডাল শৃংখল বুলি ধৰিলে এই যোগান শৃংখলৰ বিভিন্ন পৰ্যায়ত অৰ্থাৎ শস্য সিঁচা, পথাৰত পোক- পতংগৰ দ্বাৰা, প্ৰাকৃতিক দুৰ্যোগ, চপোৱা, সংৰক্ষণ, পেকিং, পৰিবহণ, বিক্ৰী আৰু বিপণন আদিত খাদ্য সামগ্ৰীৰ যি নষ্ট হয় সেই খাদ্যক ক্ষয় বুলি কোৱা হয়। আনহাতে খাদ্য সেৱাখণ্ডত বা ঘৰুৱা আৰু ৰাজহুৱা পৰ্যায়ত ব্যক্তিয়ে হয় পেলাই দি বা অতিৰিক্ত গ্ৰহণ কৰি যিখিনি নষ্ট হয় সেই খাদ্যক অপচয় বোলা হয়। উৎপাদিত শস্যৰো দুটা অংশ থাকে। এটা অংশ হৈছে মানুহে খোৱা অংশ আৰু আনটো হ’ল নোখোৱা অংশ। শস্যৰ বীজ, ফল-মূল শাক-পাচলি ৰ বাকলি, চোকোৰা, তুঁহ, ধান ঘেঁহুৰ খেৰ আদি মানুহৰ খাদ্যৰ ভিতৰত নপৰে যদিও এইবোৰৰ পৰা জীৱ- জন্তুৰ খাদ্য,আন লাগতীয়াল বস্তু আৰু শক্তি উৎপাদন কৰিব পৰা যায়।
সমীক্ষামতে এতিয়াও ভাৰতবৰ্ষত পৰ্যাপ্ত পৰিমাণৰ খাদ্য উৎপাদন হৈ আছে। কিন্তু এই উৎপাদিত শস্যৰ প্ৰায় ৪০% বিভিন্ন ধৰণেৰে অপচয় হৈ আছে। এনে অপচয় টকাৰ হিচাপত ধৰিলে বছৰি প্ৰায় ৯২,০০০ কোটি।তথ্য অনুসৰি ভাৰতবৰ্ষত বছৰি প্ৰায় ৬৭ মিলিয়ন টন খাদ্য নষ্ট হয়। তাৰ বিপৰীতে ভাৰতবৰ্ষত প্ৰায় প্ৰতিদিনে ১৯০ মিলিয়ন লোকে ভোকাতুৰ হৈ এসাঁজ পেট ভৰাই খাবলৈ নাপায়। ২০১৩ চনত ‘ভোক’ (Bhook) নামৰ সংস্থাটোৱে কৰা সমীক্ষামতে প্ৰতিটো ৰাতি প্ৰায় ২০ কোটি মানুহে পেটত ভোক লৈ শোৱাপাটীলৈ যায়।বিশ্ব ক্ষুধা সূচাংক অৰ্থাৎ Global Hunger Index -2023 ৰ অক্টোবৰ মাহৰ বাৰ তাৰিখে প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি বিশ্বৰ ১২৫ খন দেশৰ ভিতৰত ভোকাতুৰ জনগণৰ ক্ষেত্ৰত ভাৰতৰ স্থান হৈছে ১১১ । বিশ্ব ক্ষুধা সূচাংক ৰ নম্বৰ সমূহ চাৰিটা বিশেষ মাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ণয় কৰা হৈছে। সেই চাৰিটা হৈছে ১) অসুস্থ আৰু অপুষ্টি শিশুৰ হাৰ ২) শিশু মুজুৰা মৰা হাৰ,৩) শিশুৰ বয়স অনুপাতে ওজন আৰু উচ্চতাৰ হাৰ ৪) শিশুৰ মৃত্যুৰ হাৰ। উক্ত দিশ সমুহ সামৰি ১০০ পইণ্ট স্কেলত ভাৰতৰ ক্ষুধাৰ মাত্ৰাৰ হৈছে ২৮.৭ । এই সূচাংকৰ মাত্ৰা মতে ভাৰতৰ আৱস্থা শোচনীয়। অৰ্থাৎ বৃহৎ সংখ্যক লোকে খাদ্যৰ অভাৱত দিন কটাবলগীয়া হৈছে। তথ্য অনুসৰি ভাৰতত অসুস্থ আৰু অপুষ্টিকৰ শিশুৰ হাৰ হৈছে ১৮.৭% , পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ হাৰ হৈছে ৩.১% , মহিলাৰ অপুষ্টিৰ হাৰ ১৬.৬% আৰু ১৫ ৰ পৰা ২৪ বছৰ বয়সৰ মহিলাৰ ৰক্তহীনতাৰ মাত্ৰা হৈছে ৫৮.১% । ইমানৰ পাছতো আমাৰ সমাজত খাদ্যজাত আৱৰ্জনা বা খাদ্যৰ অপচয় ৰোধ কৰা বিষয় টোৱে গুৰুত্ব লাভ কৰা নাই।
খাদ্য বস্তুৰ অপচয় কি কি কাৰণত হ’ব পাৰে চাওঁ আহক। পুৰণি কালত মানুহৰ প্ৰয়োজন অনুসৰি হে খাদ্য উৎপাদন কৰিছিল। বতৰৰ ফল মূল, বতৰৰ শাক-পাচলিৰ হে খাইছিল। ক্ৰমান্বয়ে সভ্যতাৰ বিকাশ , বিজ্ঞানৰ অগ্ৰগতি, নত্য নতুন প্ৰযুক্তিৰ আৱিষ্কাৰ, জনসংখ্যা বৃদ্ধি , বেপাৰ বাণিজ্য আদি বিভিন্ন কাৰকৰ বাবে মানুহে অধিক খাদ্য সামগ্ৰীৰ উৎপাদনত গুৰুত্ব প্ৰদান কৰিলে। বছৰৰ সকলো সময়তে সকলো ধৰণৰ ফল মূল আৰু সকলো ধৰণৰ শাক-পাচলি বজাৰ সমুহত উপলব্ধ হ’ল। ফলস্বৰূপে খাদ্য সামগ্ৰীৰ অপচয় ও আৰম্ভ হল। খাদ্য অপচয় বোৰ এনে ধৰণৰ ১) প্ৰয়োজনতকৈ অধিক ৰান্ধিলে অতিৰিক্ত খিনি সংৰক্ষণ কৰা নহ’ল। ২) খাবলৈ লোৱা খাদ্য সম্পূৰ্ণ ৰূপে নাখাই খোৱা পাতত এৰি যায়। ৩) খাবলৈ সুস্বাদু নহ’লে আধা খাই আধা এৰা ৪) চকুত নাটে পেটত আঁতে, এনে ব্যক্তিয়ে নিজৰ খোৱা পাতত কম দেখে সেয়ে সৰহভাগ লয় আৰু শেষত খাব নোৱাৰি নষ্ট কৰে।
খাদ্য অপচয়ে পৰিৱেশ তথা প্ৰকৃতিৰ বহন ক্ষমতাৰ ওপৰতো যথেষ্ট কু-প্ৰভাৱ পেলায়। সমগ্ৰ বিশ্বতে উৎপাদিত শস্যৰ যি এক তৃতীয়াংশ ব্যৱহাৰ নোহোৱাকৈ নষ্ট হয় তাৰ বাবে ব্যৱহাৰ হোৱা সুজল খিনি ও নষ্ট হয়। সেই শস্য উৎপাদনৰ বাবে ব্যৱহাৰ হোৱা কৃষি ভূমিৰ উৰ্বৰতা হ্ৰাস পায়। তদুপৰি জীৱাশ্ম- ইন্ধনজাত শক্তিৰ অপচয় হয়। অপচয় হোৱা খাদ্য মাটিত পোতাৰ ফলত পচন ঘটি প্ৰচুৰ পৰিমাণে মিথেন গেছ নিৰ্গত হয়। এই মিথেন গেছে বায়ুমণ্ডলৰ পৰা উত্তাপ ধৰি ৰাখে । ‘সেউজ গৃহ প্ৰভাৱ ‘ ঘটোৱাত মিথেন গেছ কাৰ্বন ডাই অক্সাইডতকৈ ২৫ গুণে অধিক শক্তিশালী। ফলস্বৰূপে পৃথিৱীৰ সাৰ্বজনিক উষ্ণতা বঢ়াইছে। সেয়ে খাদ্য উৎপাদন আৰু ইয়াৰ সঠিক ব্যৱহাৰ প্ৰতি সজাগ আৰু সচেতন হোৱাতো বৰ্তমান সময়ৰ প্ৰতি জন ব্যক্তিৰ দায়িত্ব আৰু কৰ্তব্য হোৱা উচিত। খাদ্য অপচয় ৰোধ কৰিব পাৰিলে আৱৰ্জনাৰ সমস্যাও বহু পৰিমাণে হ্ৰাস পাব।
ব্যক্তিগত ভাৱে খাদ্য অপচয় কেনেকৈ ৰোধ কৰিব পাৰি চাওঁ আহক – ১)নিৰ্দিষ্ট মাত্ৰাৰ খাদ্যহে ৰান্ধিব লাগে। ২) একেবাৰতে সৰহকৈ খাদ্য ল’ব নালাগে। প্ৰয়োজন সাপেক্ষে দ্বিতীয় বাৰ খাদ্য ল’লে অপচয় হোৱাৰ সম্ভাৱনা কম হয়। বৰ্তমানেও ৰাজহুৱা স্থান, বিয়া সবাহ বা ভোজমেল আদিত প্ৰয়োজনতকৈ বেছিকৈ লৈ আধা খাই আধা নষ্ট কৰা মানুহৰ সংখ্যা কম নহয়। বৰ্তমান খাদ্যৰ অপচয় হ্ৰাসৰ বাবে প্ৰচলিত ‘বুফে পদ্ধতি’ তো সকলো ব্যঞ্জন একেলগে লৈ শেষত খাব নোৱাৰি নষ্ট কৰিলে বুফে পদ্ধতি টোৰ উদ্দেশ্যই বিফল হৈ পৰে। ৩) বজাৰ কৰোতে শাক-পাচলি বা খাদ্য সামগ্ৰী নষ্ট নোহোৱাকৈ নিৰ্দিষ্ট পৰিমাণৰ হে কিনিব লাগে। ৪) শিশু সকলক সৰুৰেপৰাই চাফাকৈ খাবলৈ শিকাব লাগে। আধা খাই আধা এৰা স্বভাৱ থাকিলে এৰুৱাবলৈ চেষ্টা কৰিব লাগে। ৫) অতিৰিক্ত খাদ্য বস্তু পোহনীয়া জীৱ-জন্তুক খাদ্য হিচাপে দিব লাগে। শাক-পাচলিৰ পেলনীয়া অংশ পচন সাৰ প্ৰস্তুত কৰিব পাৰি। ৬) ৰাজহুৱা পৰ্যায়ত ৰান্ধনী আৰু বিলনীয়াক উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে। ৭) ডাঙৰ ডাঙৰ হোটেল, বিয়া সবাহ, হস্পিটেলত ৰোগীক যোগান ধৰা খাদ্যৰ অতিৰিক্ত খাদ্য NGO বা আন ভোকাতুৰ লোকক দান দিয়াৰ ব্যৱস্থা কৰিব লাগে।মুঠৰ ওপৰত খাদ্য অপচয় হ্ৰাসৰ বাবে ব্যক্তিগত ভাৱে প্ৰত্যেকেই সজাগ আৰু সচেতন হোৱাতো অতি প্ৰয়োজনীয় হৈ পৰিছে। খাদ্যৰ অপচয় উৎসতে কমোৱাত সৰ্বাধিক গুৰুত্ব দিব লাগে।কিছু লোকৰ এটা ধাৰণা আছে যে খোৱা পাতখন সম্পূৰ্ণ চাফা বা শেষ কৰি খোৱাটো লাজৰহে কথা ! কিন্তু আমি এটা কথা ভাবিব লাগে যে বিশ্বৰ প্ৰতি ৭ জন মানুহৰ ভিতৰত এজনে দৈনিক শুদা পেটে শুবলৈ যায়। সেয়ে আমি প্ৰত্যেকেই খাদ্য পদাংকৰ গুৰুত্ব বুজি ভোকাতুৰ জনৰ কথা ভাবি খাদ্য অপচয় ৰোধ কৰিবলৈ দৃঢ় সংকল্পবদ্ধ হওঁ আহক।