খাগ্ৰাবাৰী বাথৌ মহাসভা প্ৰশিক্ষণ শিৱিৰৰ সফল সামৰণি

খাগ্ৰাবাৰী বাথৌ মহাসভা প্ৰশিক্ষণ শিৱিৰৰ সফল সামৰণি

অমৰজিৎ ৰাভা,ওদালগুৰি,বাৰ্ত্তাসেৱা-  ওদালগুৰি জিলা খাগ্ৰাবাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা সদৌ অসম বাথৌ মহাসভাৰ যুৱ শাখা আৰু মহিলা শাখাৰ উদ্যোগত বাথৌ প্ৰশিক্ষণ শিৱিৰৰ দেওবাৰে নিশা বিটিচি চীফ প্ৰমোদ বড়োৰ উপস্থিতিত সফলভাৱে সামৰণি আনুষ্ঠান। উল্লেখ্য যে সদৌ অসম বাথৌ মহাসভাৰ সৌজনত প্ৰতিবছৰে বড়ো জনগোষ্ঠীয় লোক সকলক বাথৌ ধৰ্মৰ দিক্ষা প্ৰদানৰ লগত সংগতি ৰাখি ” নৱ প্ৰজন্মক বাথৌ ধৰ্মৰ প্ৰতি আসক্ত কৰুৱাৰ উদ্দেশ্যৰে প্ৰতিবছৰে কেন্দ্ৰীয় ভাৱে বাথৌ মহাসভাৰ যুৱ শাখা আৰু মহিলা শাখাৰ উদ্যোগত কৰ্মশালা ও প্ৰশিক্ষণ শিৱিৰ স্থাপন কৰি আহিছে। যাৰ পৰিপেক্ষিতত এইবেলি সুভাগ্যক্ৰমে ওদালগুৰি জিলা খাগ্ৰাবাৰী বাথৌ মন্দিৰত যোৱা শনিবাৰ ২৫ ছেপ্টেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বথৌ মহাসভাৰ প্ৰশিক্ষণ শিৱিৰৰ ২৬ ছেপ্টেম্বৰ নিশা সফলভাৱে আনুষ্ঠান সামৰণি পৰে। সামৰণি অনুষ্ঠানত উপষ্ঠিত থাকে ক্ৰমে অসম বিধান সভা সদনৰ অধ্যক্ষ তথা ৬৪ নং পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰী, বিটিচি কাৰ্যবাহী সদস্য তথা ৩২ নং ভেৰগাঁ‌ও পৰিষদীয় সমষ্টিৰ পাৰিষদ দাওৱাইছা বড়ো, প্ৰাক্তণ কেন্দ্ৰীয় এবছুৰ বিষয়ববীয়া ৰমিঅ পি নাৰ্জাৰীসহ বিটিচি মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ উপস্থিতিত সফল ভাৱে কেন্দ্ৰীয় বাথৌ প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠান সামৰণি পৰে।