খাইৰ প্ৰকাশনৰ উদ্যোগত মৈৰাবাৰীত ‘বাটৰ কবিতা’ 

খাইৰ প্ৰকাশনৰ উদ্যোগত মৈৰাবাৰীত ‘বাটৰ কবিতা’ 

নগাঁও-মৰিগাঁৱৰ কবিৰ কবিতা পাঠ 

এহিয়া আহমেদ, মৈৰাবাৰী, ৰঙিলী বাৰ্ত্তাসেৱা- মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ ‘খাইৰ প্ৰকাশন’ৰ উদ্যোগত ২০১৫ চনৰ ১০ জানুৱাৰীৰ পৰা প্ৰতি ইংৰাজী মাহৰ ১০ তাৰিখে নিয়মীয়াকৈ অনুষ্ঠিত হৈ অহা সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান ‘বাটৰ কবিতা’ৰ দশম বৰ্ষৰ অষ্টমটো অনুষ্ঠান ১০ আগষ্টৰ বিয়লি মৈৰাবাৰী কলেজ ৰোডত ‘খাইৰ প্ৰকাশন’ৰ কাৰ্যালয়ৰ সন্মুখত অতি গাম্ভীৰ্যপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায়। লাহৰীঘাটৰ টেঙাগুৰিৰ বিশিষ্ট শিক্ষাবিদ, চি.আৰ.চি.চি. ছাইদুৰ ৰহমানৰ সঞ্চালনাত অনুষ্ঠিত ব্যতিক্ৰমী কাব্যানুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে খাইৰ প্ৰকাশনৰ স্বত্বাধিকাৰী তথা বিশিষ্ট কবি, লেখক খাইৰুল ইছলামে। অনুষ্ঠানটিত নগাঁও আৰু মৰিগাঁও জিলাৰ বহুকেইগৰাকী কবিয়ে অংশ লৈ কবিতা পাঠ কৰে। অনুষ্ঠানত হাফছা ছিদ্দিকা, মুহাম্মাদ আফজাল, বদৰুজ জামান আকতাৰ, আশ্ৰাফুল হক, ইয়াচমিনাৰা বেগম, মুহাম্মাদ ফাহিম, কবিন চন্দ্ৰ পাটৰ, উম্মীদ হাচান, কল্যাণজিৎ বৰা, খাইৰুল ইছলাম আৰু ৰেকিবুল আজাদে স্বৰচিত কবিতা পাঠ কৰি উপস্থিত দৰ্শক-শ্ৰোতাক বিমুগ্ধ কৰে। ইপিনে সমজুৱাৰ ভাষণত ডঃ ৰাব্বুল আহাদ, মহম্মদ আলী আৰু জহিৰুল ইছলামে নতুনচামৰ কাব্য প্ৰতিভা বিকাশত মাহেকীয়া কাব্যানুষ্ঠান ‘বাটৰ কবিতা’ৰ বলিষ্ঠ ভূমিকাৰ কথা দোহাৰি সকলোৰে আন্তৰিক সহায়-সহযোগিতা কামনা কৰে। শেষত সূৰ্যাস্তৰ লগে লগে সঞ্চালক ছাইদুৰ ৰহমানৰ সাৰগৰ্ভ ভাষণেৰে আগষ্ট মাহৰ ‘বাটৰ কবিতা’ অনুষ্ঠানটিৰ সফল সামৰণি পৰে।