খহি পৰিল সূৰ্যটো – হেৰম্ব নাথ

খহি পৰিল সূৰ্যটো

হেৰম্ব নাথ

(হিয়াৰ আমঠু জুবিন দাৰ সোঁৱৰণত)
অসহ্য বেদনা
বুকু ফাটি যায়
হিয়াৰ আমঠুৰ আকস্মিক মৃত্যু
নাই নাই নাই
আমাৰ জুবিন দা জীয়াই আছে

আজি নিশা আকাশত
নোলাই জোনবাই
তৰাবোৰে ৰাউচি জুৰিব
জোনবাইৰ সান্ত্বনাক নেউচি

সাগৰৰ পানীবোৰ নিস্তেজ হৈ পৰিল

নদীয়ে পাহৰি গৈছে
পানী ক’ত পানী ক’ত বুলি

চৰাই-চিৰিকটিয়ে উচুপিচে
আমাৰ জুবিন দা
আমাৰ জুবিন দা বুলি

পলকতে অৰণ্যৰ সেউজীয়াবোৰ
ৰঙবিহীন

প্ৰজন্মৰ হাহাকাৰ
“পাখি পাখি এই মন
পাখি লগা মোৰ মন…..”

আস! জুবিন দা তুমি
জীয়াই আছা জীয়াই আছা
প্ৰতিজন অসমীয়াৰ হৃদয় মঞ্জুষাত!

অ’ আমাৰ জুবিন দা!