খবৰ সংগ্ৰহ কৰি কৰি শেষত নিজেই খবৰ হৈ পৰিল বিহপুৰীয়াৰ সাংবাদিক সুব্ৰত কাকতি

pc Facebook

খবৰ সংগ্ৰহ কৰি কৰি শেষত নিজেই খবৰ হৈ পৰিল বিহপুৰীয়াৰ সাংবাদিক সুব্ৰত কাকতি

ৰঙিলী বাৰ্ত্তাসেৱা- এক চেটেলাইট চেনেলৰ লখিমপুৰৰ বিহপুৰীয়াৰ সংবাদদাতা সুব্ৰত কাকতিৰ মৃত্যু।খবৰ সংগ্ৰহ কৰি কৰি শেষত নিজেই খবৰ হৈ পৰিল সাংবাদিক সুব্ৰত কাকতি। পুৱা গুৱাহাটীত মৃত্যুক আকোৱালি লয় সুব্ৰত কাকতিয়ে।বিগত বৰ্ষৰ ১৩ নৱেম্বৰত লখিমপুৰৰ হাৰমতিত ছাত্ৰ সন্থাৰ অধিৱেশনৰ মুকলি সভাত বাতৰি সংগ্ৰহ কৰি থাকোতেই হৃদৰোগত আক্ৰান্ত হৈছিল কাকতি।তাৰ পাছত এক জটিল অস্ত্ৰ পচাৰো হৈছিল কাকতিৰ।সুস্থ হৈ উঠা কাকতি স্বাস্থ্যৰ নিয়মীয়া চেকআপৰ বাবে ৰে’লেৰে গুৱাহাটীলৈ আহি থাকোতে পুৱা গুৱাহাটীত নামিয়েই অসুস্থ হৈ পৰে।তাৰ পাছত তেওঁক নেমকেয়াৰ হস্পাতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে।উল্লেখযোগ্য যে,মাত্ৰ দুটা বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল সাংবাদিক সুব্ৰত কাকতি।সুব্ৰত কাকতিৰ অকাল বিয়োগৰ খবৰ লাভৰ পিছতে লখিমপুৰৰ সাংবাদিক মহলৰ মাজতো শোকৰ বন্যা বৈছে।