খবৰ – অজন্তা তামুলী ফুকন

খবৰ

অজন্তা তামুলী ফুকন
লংকা, হোজাই 

দুপৰীয়া বিদ্যালয়ৰ জিৰণি সময়ত লতাই টিফিনটো খুলি খাবলৈ লৈছিলহে তেতিয়াই সহকৰ্মী বৰাই ক’লে “পৰহি তুমি গৈছিলা নে আমাৰ ভাইটিয়ে সখীয়নীয়েকৰ খবৰটো পাই লগে লগে গৈ কাম শেষ কৰিহে আহিছে”। তাই থৰ লাগিল অনাকাংক্ষিত খবৰটো পাই আৰু লগে লগে বায়েকলৈ ফোন লগালে জায়েকৰ খবৰটো ল’বলৈ। বায়েকে আজি দুদিনে তিনি বাৰকৈ ফোন কৰিছিল,লতাই ৰিচিভ কৰে কিন্তু ঘৰত নেটৱৰ্কৰ সমস্যা বাবে কথাবোৰ নুশুনে।