খবৰবোৰ বিয়পি পৰিল
জুনুকা পাঠক, বৰপেটা
উষ্ম ধোৱাত আধাপোৰা কপৌ
আকৌ প্ৰগলভা হ’ল …
পুলক পুলক দুবৰী বন-
মথাউৰি চিঙিল উচাহৰ….
যৌৱনৰ কুমলীয়া ডেউকাত
মেঘৰ কাঞ্চন-
লৰা-লৰিকৈ সাগৰো আহিল –
ফাগুনৰ প্ৰথমা বৰষুণত…
ৰ’দে উৰুলি দিলে
তধা লাগিল মাটিৰ
পকা-চপৰা –
লাকি বাম্ব’ চিক-চিকাই গাভৰু হ’ল…..
