খনিকৰ পুথি
খনিকৰ পুথি অসমৰ ইতিহাসৰ এক আপুৰুগীয়া সম্পত্তি বুলি কব পাৰি। এই পুথিৰ মহিমাৰ কথা কম বেচি পৰিমাণে সকলোৱে জানে। বতর্মান এই পুথি গোলাঘাট জিলাৰ মিছামৰা মৌজাৰ খনিকৰ গাঁৱত সংৰক্ষিত হৈ আছে। এই খন পুথি মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু শ্রী শ্রী মাধৱদেৱৰ দ্বাৰা ৰচিত কীৰ্তন- ঘোষা আৰু নামঘোষা নামৰ দুখন সাঁচিপতীয়া পুথিৰ সমষ্টি। ইতিহাস মতে এই পুথি খন বহু বছৰ পুৰণি। লোক বিশ্বাস মতে পুথি খনত বিভিন্ন আধ্যাত্মিক আৰু অলৌকিক শক্তি জড়িত হৈ আছে। খনিকৰ পুথি খন সাঁচিপাতত প্রাচীন অসমীয়া লিপিৰে লিখা। প্রবাদ মতে মানৰ অসম আক্রমণৰ সময়তে মণি বৰুৱা নামৰ ব্যক্তি এজনে এই পুথিসমূহ উদ্ধাৰ কৰিছিল। তেখেত আছিল খনিকৰ গাঁও নিবাসী নৰহৰি বৰুৱাৰ বংশৰ। সেই সময়ত মানৰ অত্যাচাৰত গাঁৱৰ অধিকাংশ লোকেই হাবিয়ে -বননিয়ে পলাই ফুৰিছিল কিন্তু মণি বৰুৱাই বাধ্ক্যৰ বাবে ঘৰ এৰি যাব পৰা নাছিল। মানে গাঁওখনৰ লোক সকলৰ ঘৰ পৰা সা -সম্পত্তিসমূহ লুট কৰি নিয়াৰ সময়ত কিবা কাৰণত মণি বৰুৱাৰ ঘৰৰ পুখুৰীৰ পাৰত এটা টোপোলা এৰি থৈ যায়। তাৰপিছত বৰুৱাই টোপোলাটো খুলি তাত কীৰ্তন, দশম, নামঘোষা, আৰু ভক্তি ৰত্নাৱলী নামেৰে চাৰিখন মহাপুৰুষীয়া সাঁচিপাতৰ পুথি উদ্ধাৰ কৰে। কিছুদিন পিছত তেওঁ ইয়াৰ দশম খন নিজৰ গাঁৱৰ নাম ঘৰলৈ আৰু ভক্তি ৰত্নাৱলী খন কাষৰ হালোৱা গাঁৱৰ নাম ঘৰলৈ আগবঢ়ায়। বাকী ৰোৱা কীৰ্তন আৰু নামঘোষা পুথি দুখন নিজৰ ঘৰতে সংৰক্ষণ কৰি ৰাখে। পুথি দুখন ৰাখিবলৈ সেই সময়তে স্থানীয় শিল্পী লীলাৰাম বৰুৱাই দুটি কাঠৰ বাকছ তৈয়াৰ কৰি দিয়ে। মণি বৰুৱাৰ মৃত্যুৰ পিছত বংশানুক্রমে তেখেতৰ পৰিয়ালে পুথিদুখনৰ সংৰক্ষণৰ দায়িত্ব লয়। মানৰ আক্রমণৰ সময়ৰ পৰা বতর্মানলৈকে মণি বৰুৱাৰ খনিকৰ গাঁৱতেই সংৰক্ষিত হৈ থকা বাবে এই সংযুক্ত পুথিদুখন খনিকৰ পুথি নামেৰেই জনাজাত হৈ পৰিল। বতর্মান খনিকৰ নাম ঘৰলৈ প্রতিদিনে একাধিক ভক্তৰ সমাগম হয়। বহুতে পুথি খন ঘৰলৈ নি ঘৰখনৰ সুখ -শান্তিৰ কাৰণে শ্রৱণ-কীৰ্তন কৰে। পুথি ভাগক নিজ ঘৰলৈ নিব বিচৰা ভক্তই চুৰীয়া -চাদৰ আদি পৰম্পৰাগত ভকতীয়া পোচাক পিন্ধি বাকছৰ সৈতে নিজৰ মূৰৰ ওপৰত বা কান্ধত বহুৱাই নিয়াৰ নিয়ম আছে।
ৰাজলক্ষ্মী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট