খণ্ড – ৪, এজন পাগল – শৈলেন কুমাৰ

ধাৰাবাহিক গল্প-  খণ্ড – ৪

এজন পাগল

 শৈলেন কুমাৰ
মিৰ্জা ( কামৰূপ )

হাতীমূৰীয়া পাহাৰত এখন আদিবাসী আশ্ৰম আছে ৷ পাহাৰৰ দাঁতিত নদী এখন লাগি আছে ৷ আদিবাসী আশ্ৰমৰ কিছু শিষ্য খাদ্যৰ সন্ধানত পাহাৰৰ দাঁতিত নামি আহি নৈখনৰ পাৰত এজন অচেতন অৱস্থাত পৰি থকা লোকক প্ৰত্যক্ষ কৰিছে ৷ শিষ্য সকলে ততাতৈয়াকৈ অজ্ঞাত ব্যক্তি জনক আশ্ৰমত লৈ যোৱাৰ যোজাঁ চলাইছে ৷ আশ্ৰমৰ প্ৰধান পুৰোহিত জনৰ ওচৰত তেখেতক লৈ যোৱা হ’ল ৷ ব্যক্তি জনৰ শৰীৰৰ বহু আঘাতৰে ক্ষতবিক্ষত অৱস্থাত আছে ৷ পুৰোহিতে কবিৰাজী বিদ্যাৰ সহায়ত তেখেতক সুস্থ কৰাত লাগি গ’ল ৷কিছুদিন যোৱাৰ পাছত তেখেতৰ চেতনা ঘুৰি আহিল ৷ চেতনা ঘুৰাই পোৱাত পুৰোহিতে ব্যক্তিজনৰ পৰিচয় বিচাৰিলে ৷ তেতিয়া তেখেতে নিজকে অবিনাশ বৰুৱা বুলি পৰিচয় দিলে আৰু তেখেতৰ লগত ঘটা সমস্ত ঘটনা বিৱৰি ক’লে ৷ দুৰ্বৃত্ত দলৰ কৱলৰ পৰা তেওঁ কিদৰে পলাই নদীত জাপ দি কিদৰে তেওঁ নিজকে ৰক্ষা কৰাৰ অপ্ৰাণ চেষ্টা চলাইছে সকলো কথা সমূলি ক’লে ৷ প্ৰতিশোধৰ অগ্নি আৰু অপৰাধীৰ উচিত শাস্তি নপোৱা লৈকে সি জীয়াই থাকিব বিচাৰিছে ৷ সি জীয়াই আছে নিজকে ন্যায় দিয়াৰ বাবে, কোনোজনৰ প্ৰতি এতিয়া তাৰ হৃদয়ত দয়ামমতা নাই ৷ এতিয়া অপৰাধীৰ প্ৰাণ মানে অবিনাশৰ জীৱন ৷ পুৰোহিত জনে অবিনাশৰ বেদনা বুজিছে ৷ কিন্তু অবিনাশ তুমি বৰ্তমান দুৰ্বল আৰু সিহঁতবোৰ হাতত অজস্ৰ শক্তি তুমি পোনপ্ৰথমে নিজক প্ৰস্তুত কৰা নিজক শক্তিশালী কৰা ৷ তোমাক প্ৰয়োজন সমৰ্পণ আৰু জ্ঞান ৷ জ্ঞানে তোমাক মানৱৰূপী দানৱবোৰক চিনাকি কৰাই দিব আৰু সমৰ্পণৰ দ্বাৰা তুমি যুঁজিবলৈ শক্তি পাবা ৷ শুনা অবিনাশ পৃথিৱীত নিস্বাৰ্থ মানুহ এক শতাংশৰ বিপৰীতে নিৰানব্বৈ শতাংশ স্বাৰ্থলোভী আৰু সেয়া হ’ল মানৱৰ হাতত দানৱৰ কাল ঘণ্টা । প্ৰাণ নাশ কৰি সত্যৰ পোহৰ উজাগৰ কৰাটো হ’ল ধৰ্ম ৷ আজি যুদ্ধ সত্য আৰু অসত্যৰ । অসত্যই আজি সমাজ গ্ৰাস কৰি কিৰিলি পাৰিছে ৷ বন্দীত্বৰ পৰাই নিজক মুকলি কৰি আনকো মুকলি কৰি দিয়াৰ মাৰ্গ প্ৰসাৰ কৰা ৷ দেহবল একত্ৰিত কৰা বিবেক জ্ঞানেৰে তুমি দানৱবোৰৰ স্বাৰ্থত আঘাত কৰা তেতিয়া বিজয় তোমাৰ নিশ্চিত ৷ অপৰাধীৰ লগতে অপৰাধ কৰিবলৈ উচতনি দিয়া সেই উদ্যোগ বোৰ বন্ধ কৰা ৷ মানুহৰ জনসংখ্যা কৌটিৰ ঘৰত কিন্তু কৌটিক নিয়ন্ত্ৰণ কৰে সেই ১ শতাংশ মানুহে ৷ তোমাৰ যুদ্ধ প্ৰকৃততে সেই ১% মানুহৰ লগত ৷ তুমি সাঁজু হোৱা আৰু কালৰূপ ধাৰণ কৰি সিহঁতৰ ওপৰত জপিয়াই পৰা ৷ অস্ত্ৰজ্ঞান আৰু আত্মজ্ঞান লৈ অবিনাশে পুৰোহিতৰ পৰা বিদায় মাগি যুদ্ধৰ শংখনাদ আৰম্ভ কৰিলে ৷

(আগলৈ)