খড়গপুৰ আই আই টিত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা

খড়গপুৰ আই আই টিত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- খড়গপুৰ আই আই টি-ত অসমৰ ছাত্ৰ ফাইজান আহমেদৰ মৃত্য়ুক কেন্দ্ৰ কৰি আজিও অব্যাহত আছে বিতৰ্ক৷ ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত বিশেষ পত্ৰ প্ৰেৰণ কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ৷ সংবাদ মাধ্যমলৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত এই কথা সদৰী কৰা হৈছে ।পিছে খড়গপুৰ আই আই টিত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। আই আই টি খড়গপুৰত অধ্যয়নৰত তথা ফাইজান আহমেদৰ ৰহস্যজনক মৃত্য়ুৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰা এগৰাকী ছাত্ৰীৰ  আই আই টিৰ হোষ্টেলৰ কোঠাৰ পৰাই মৃতদেহ উদ্ধাৰ । কেৰালাৰ বাসিন্দা দেৱীকা পিল্লে নামৰ ছাত্ৰীগৰাকীয়ে আত্মহত্যা কৰা বুলি শিক্ষানুষ্ঠানখনৰ তৰফৰ পৰা ৰাজহুৱা কৰা হৈছে ৷ সোমবাৰে আকস্মিকভাৱে লাভ কৰা এই খবৰে পুনৰ সৃষ্টি কৰিছে আন এক ৰহস্যৰ ।উল্লেখ্য যে ছাত্ৰীগৰাকীৰ এই আত্মহত্যাৰ খবৰে জোকাৰি গৈছে ফাইজান আহমেদৰ পৰিয়ালবৰ্গকো ৷ মৃত ছাত্ৰগৰাকীৰ পৰিয়ালৰ লোকে দাবী কৰা অনুসৰি, এয়া কোনোপ্ৰকাৰে আত্মহত্যাৰ ঘটনা হ’বই নোৱাৰে ৷ ইও এক ৰহস্যজনক হত্যাকাণ্ডহে ৷ যাৰ বাবে উচিত ন্যায়ৰ পোষকতা কৰে ফাইজান আহমেদৰ মাতৃ ৰেহানা আহমেদে৷