খং নিয়ন্ত্ৰণ কৰাৰ উপায় – লখিমী শৰ্মা

Pc-Willingway
খং নিয়ন্ত্ৰণ কৰাৰ উপায়
লখিমী শৰ্মা
যোৰহাট 
খং মানেই চণ্ডাল সকলোৰে মুখে মুখে শুনি অহা এক কথা বিশেষ । খং উঠিলে মনে মনে থকাই শ্ৰেয় । তাৰ কাৰণে বহুতো ধৈৰ্য্যৰ প্ৰয়োজন । যিমানেই খং উঠি নাথাকক কিয় ধৈৰ্য্য ধৰি খংক নিয়ন্ত্ৰণ কৰিব পৰাটোহে আচল  কথা । খং উঠি থকা অৱস্থাত বহুতে বহুতো অঘটন ঘটায় ! তাৰ ফলস্বৰূপে বহুতো লোকচান হৈ যায় খংৰ ভমকত । তাৰ পিছত চিন্তা কৰি চাই কি কৰিলোঁ । খং উঠিলে মানুহে মনে মনে থকাই ভাল নিজেই অকলশৰে নিৰ্দিষ্ট এটা ঠাইত ৰৈ । খং উঠি থকা অৱস্থাত মানুহ কিছুমানে অধৈৰ্য্য হৈ বহুতো নকৰিবলগীয়া কাণ্ড কৰি পেলায় । তাৰ পিছত ভুক্তভোগী হয় খংত কৰা কাণ্ডক লৈ । খং উঠিলে সেই খং আনৰ আগত নেদেখাই ধৈৰ্য্য ধৰি খংটো নিয়ন্ত্ৰণ কৰিব পৰা যায় নিশ্চয়কৈ । আচলতে কথা হ’ল যে , নিজৰ মনটোক স্থিৰ কৰি নিজেই নিজক সান্তনা দি বহুত ধৈৰ্য্য ধৰি এই খং নোহোৱা কৰিব পৰা যায় । কাৰ নো খং নুঠে , খং সকলোৰে উঠে । কিন্তু কথা হ’ল যে সেই খংটোক কিদৰে নিয়ন্ত্ৰণ কৰিব পাৰি সেইটোহে আচল কথা । খং উঠিলে বহুতো ধৈৰ্য্য আৰু সহ্যৰ প্ৰয়োজন হয় । কথাতে কয় নহয় ” সহিলে সম্পদ , নসহিলে বিপদ ” বুলি কথা এষাৰ । এই খংয়ো ইয়াৰে এক উদাহৰণ বিশেষ । সহ্য কৰি ধৈৰ্য্য ধৰি সকলোৱে খংটো স্বম্ভালিব পৰাটোহে ডাঙৰ কথা । এই ধৈৰ্য্য গুণে বহুত সহায়ক হৈ পৰে এসময়ত । এই ধৈৰ্য্যশক্তি সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নহ’লেও  এই ধৈৰ্য্যশক্তিক  অভ্যাসত পৰিণত  কৰিব পৰাটোহে এটা ডাঙৰ কথা মোৰবোধেৰে  ।