কৱৰস্থান
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা
পৰিত্যক্ত এটুকুৰা প্ৰয়োজনীয় ঠাই
য’ত ধনী কোন দুখীয়া কোন
উচ্চ বৰ্গৰ কোন নিম্ন বৰ্গৰ কোন
সৌন্দৰ্য্যময় কোন কুৎসিত কোন
জ্ঞানী কোন জ্ঞানহীন কোন
শকত কোন ক্ষীণ কোন
কোনো চিহ্ন নাথাকে তাত
এটাই পৰিচয় মৰা শ।
পৃথিৱীৰ প্ৰাচুৰ্য, দম্ভিকতা, সৌখিন
অহংকাৰ সকলোখিনি
ধূলিস্বাত কৰি যেন ওলোটাই প্ৰশ্ন কৰে
কিহৰ দাম্ভিকতা, কিহৰ অহংকাৰ..?
কেইটুকুৰা কফিনৰ বাদে
চিৰস্থায়ী মাটিৰ এই বাসভৱনত
আৰু কিবা লৈ আহিব পাৰিছ জানো..?
কোনো আত্মীয়,পৰিয়াল আৰু স্বজন
নে পৰিচিত সেই প্ৰাণৰ লগৰীয়াসকল
আহিছে নেকি কোনো এজন
তুমি ভালপোৱা আৰু তোমাক ভালপোৱাজন
তোমাৰ সৈতে এই অন্ধকাৰ কবৰত থাকিব
অলপ লগ দিব অলপ সংগ দিব
নাই কোনো আহা নাই কোনো নাহে।
কবৰস্থানে সদায় আমাক শিকাই
আমি আহিছোঁ অকলে অকলে
যাবও লাগিব অকলে অকলেই
মানু্হ সংগ দিয়ে লগ দিয়ে ভালপায়
যত্ন কৰে মায়া গঢ়ে তিল তিলকৈ
কিন্তু তোমাৰ প্ৰাণবায়ু উৰি গ’লে
তোমাক অকলশৰীয়া কৰি অন্ধকাৰত ৰাখে
