কৰ্মৰ সন্ধানত ৰাজ্যৰ বাহিৰলৈ যোৱা যুৱক-যুৱতীৰ নিৰাপত্তাক লৈ উদ্বিগ্ন অসম জাতীয় পৰিষদ

কৰ্মৰ সন্ধানত ৰাজ্যৰ বাহিৰলৈ যোৱা যুৱক-যুৱতীৰ নিৰাপত্তাক লৈ উদ্বিগ্ন অসম জাতীয় পৰিষদ : ৰাজ্যত ৭ বছৰে সংস্থাপনহীন ৪. ৯৪ লাখ লোক

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ পৰা সৰু-সুৰা চাকৰি কৰিবলৈ বহিঃৰাজ্যলৈ যোৱা অসমীয়া যুৱক-যুৱতীৰ সঘন ৰহস্যজনক মৃত্যুৰ ঘটনাসমূহক লৈ গভীৰ উদ্বিগ্নতা ব্যক্ত কৰিছে অসম জাতীয় পৰিষদে ৷ দলৰ মতে, অসমত কৰ্মসংস্থাপন নাপাই বহিঃৰাজ্যত সৰু-সুৰা চাকৰি কৰিবলৈ যোৱা অসমীয়া যুৱক-যুৱতী সেই ৰাজ্যসমূহত মৃত্যু মুখত পৰাৰ ঘটনা ধাৰাবাহিকভাৱে ঘটিয়ে আছে ৷ তেনে যুৱক-যুৱতীসকলক ঘুৰাই আনি ইয়াতে সংস্থাপিতি কৰিবলৈ বা ঘুৰাই অনাৰ পূৰ্বে সেই ৰাজ্যসমূহত অসমীয়া যুৱক-যুৱতীসকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ দলটোৱে দাবী উত্থাপন কৰে ৷  এখন সংবাদ মেলত দলৰ সাধাৰণ সম্পাদক জগদীশ ভূ্ঞাই কয় যে , ১৮ জুলাইৰ দিনা অসমৰ বাতৰি কাকতসমূহত এটা গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ পাইছে৷ বাতৰিটো হ’ল, চৰাইদেও জিলাৰ লাকুৱা চলা-চুতীয়া বস্তি গাঁৱৰ ৩ জন যুৱক নবীন ভূমিজ, জগন্নাথ গড় আৰু নৱ ভূমিজ দক্ষিণ ভাৰতলৈ কামৰ সন্ধানত গৈছিল৷ কিন্তু যোৱা ১৫ জুলাইত তাৰে নবীন ভূমিজ আৰু জগন্নাথ গড়ক বাংগালুৰুত দুস্কৃতিকাৰীয়ে হত্যা কৰে ৷ এই ঘটনাক কেন্দ্ৰ কৰি তেওঁলোকৰ গাঁৱত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে৷ একেদিনাই বাতৰি কাকতবোৰত আন এটা ঘটনাৰ বাতৰি প্ৰকাশ পাইছে৷ বাতৰিটো হ’ল, হাউলীৰ ওচৰৰ ২ নং বেন্নীবাৰী গাঁৱৰ প্ৰাণজিৎ দাস নামৰ এজন যুৱক গুজৰাটৰ এটা মাছৰ কাৰখানাত কাম কৰি আছিল৷ ১৬ জুলাইৰ দিনা উক্ত যুৱকজনৰ ৰহস্যজনকভাৱে মৃত্যু ঘটা বুলি খবৰ পোৱাৰ পাছত পৰিয়ালৰ লোকৰ মুৰত সৰগ ভাগি পৰে৷তেওঁ কয় যে উক্ত ঘটনা দুটা কোনো বিক্ষিপ্ত ঘটনা নহয়৷ প্ৰায় প্ৰতিটো সপ্তাহতে এনেকুৱা দুই-এটা খবৰ ৰাজ্যৰ কোনোবা নহয় কোনোবা গাঁৱলৈ আহেই ৷তেওঁ তেনে কেইটামান উল্লেখযোগ্য ঘটনাৰ উদাহৰণ দাঙি ধৰি কয় যে যোৱা ২১ মে’ত চৰাইদেও জিলাৰ সোণাৰী ৪ নং ৱাৰ্ডৰ প্ৰণৱ নামৰ এজন যুৱকজনৰ বাংগালুৰুত ৰহস্যজনকভাৱে মৃত্য হয়৷ একেদৰে কামৰূপ জিলাৰ পানীখাইতী তামোলবাৰীৰ ৰামু ছেত্ৰী নামৰ আন এজন যুৱকৰ তাৰ দুদিন আগত বাংগালুৰুত ৰহস্যজনকভাৱে মৃত্য হয়৷ লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ ওচৰৰ নাহৰআটি গাঁৱৰ খগেন দাসৰ যোৱা ২৫ মাৰ্চত হায়দৰাবাদত ৰহস্যজনকভাৱে মৃত্যু হয়৷ ২১ এপ্ৰিল তাৰিখে লখিমপুৰ পানীগাঁৱৰ যুৱক সীমান্ত দত্তৰ হায়দৰাবাদত ৰহস্যজনক অৱস্থাত মৃত্যু ঘটে৷ যোৱা ১ মাৰ্চত লামডিঙৰ যুৱক টুটন দে’ৰ উত্তৰ প্ৰদেশৰ গোৰখপুৰত মৃত্যু ঘটে৷ ২০ জুনৰ দিনা কাছাৰ জিলাৰ কাটিগৰা শিয়ালটেক গাঁৱৰ যুৱক তপন দাসৰ মৃতদেহ বাংগালুৰুৰ এটা ঘৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয়৷ এইকেইটা তেনেকুৱা ঘটনাৰ বাতৰি যিবোৰ অসমৰ বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে বুলি উল্লেখ কৰি ভূঞাই কয় যে বাতৰি কাকতৰ ভিতৰৰ পৃষ্ঠাত প্ৰকাশ পোৱা বা বাতৰি কাকত কিম্বা টিভিৰ বাতৰিত প্ৰকাশ নোপোৱা আন অগণন ঘটনা নিয়মিতভাৱে ঘটিয়ে আছে৷ “প্ৰশ্ন হ’ল, এই ঘটনাবোৰ কিয় ঘটি আছে? অসমৰ তেজাল ডেকা ল’ৰাবোৰ এনেকৈ বাহিৰা ৰাজ্যত কিয় প্ৰাণ হেৰুৱাবলগীয়া হৈছে৷ দুখীয়া ঘৰৰ, সাধাৰণ সৰু সুৰা চাকৰি কৰিবলৈ বাহিৰলৈ যোৱা এই যুৱকসকলৰ মৃত্যুৰ কাৰণ কি? প্ৰতিটো ঘটনাৰে হয়তো সুকীয়া সুকীয়া কাৰণ থাকিব৷ হয়তো তদন্ত হ’ব বা হৈছে, ক’ৰবাত অপৰাধী ধৰা পৰিছে, ক’ৰবাত পৰা নাই৷ তদন্ত আদি নিয়ম মাফিক প্ৰক্ৰিয়া৷ কিন্তু প্ৰতিনিয়ত বহিঃৰাজ্যত ঘটি থকা এনে মৃত্যুবোৰৰ আঁৰত থকা এটা কাৰণ ‘কমন’ (Common), সেয়া হৈছে – কামৰ সন্ধানত বহিঃৰাজ্যলৈ যোৱাটো৷” – ভূঞাই কয় ৷অসমত উপযুক্ত কৰ্ম সংস্থাপনৰ ব্যৱস্থা থকা হ’লে বা ল’ৰা-ছোৱালীবোৰ বহিঃৰাজ্যলৈ কিছুমান সৰু সুৰা সামান্য দৰমহাৰ চাকৰি কৰিবলৈ নোযোৱা হ’লে, হয়তো অসমৰ উজনি, নামনি বা বৰাকৰ সেই দুখীয়া মাতৃসকলৰ বুকুত পুত্ৰশোকৰ সেই জুইকুৰা জ্বলিবলগা নহ’লহেতেন বুলি উল্লেখ কৰি ভূঞাই কয়, “এই বিষয়টো অতিশয় গুৰুত্বপূৰ্ণ ৷ সম্প্ৰতি অসমৰ এক বৃহৎ সামাজিক সমস্যা হিচাপে থিয় দিয়া এই বিষয়টোৰ প্ৰতি আমি চৰকাৰ, বিৰোধী, দল-সংগঠন, ৰাইজ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছো৷” তেওঁ যে অসমৰ পৰা সততে ব্ৰেইন ড্ৰেইন হৈ মেধা/প্ৰতিভাসমূহ ওলাই যায় বুলি এটা আলোচনা চলে ৷ ব্ৰেইন ড্ৰেইন একেবাৰে ৰোধ কৰাটো সম্পূৰ্ণ সম্ভৱ নহয় বা সম্পূৰ্ণ প্ৰতিৰোধ কৰিবলৈ হ’লে বৃহৎ কলেৱৰত শৈক্ষিক আৰু ঔদ্যোগিক আন্তঃগাঁথনিৰ প্ৰয়োজন হ’ব – যিটো অসমৰ দৰে ৰাজ্যত ইমান সহজতে সম্ভৱ নহয়৷ কিন্তু ব্ৰেইন ড্ৰেইনতকৈ কেইবাশ গুণ অধিক ডাঙৰ যিটো সমস্যা এতিয়া একপ্ৰকাৰ বৃহৎ ব্যাধি ৰূপে আমাৰ জনজীৱনক প্ৰভাৱিত কৰিছে সেয়া হ’ল এইটো৷ উল্লেখযোগ্য যে অসমৰ কিমান যুৱক-যুৱতীয়ে বহিঃৰাজ্যত চিকিউৰিটী গাৰ্ড, পিয়ন-চকীদাৰ আদিৰ দৰে সৰু সুৰা চাকৰি কৰি সংস্থাপনৰ বাট উলিয়াই আছে তাৰ কোনো চৰকাৰী তথ্য নাই যদিও কিছুমান বেচৰকাৰী প্ৰতিষ্ঠানে সময়ে সময়ে প্ৰকাশ কৰা তথ্যত কোৱা হৈছে যে এনে যুৱক-যুৱতীৰ সংখ্যা পাঁচ লাখতকৈ কম নহ’ব ৷ জাতীয় পৰিষদৰ সাধাৰণ সম্পাদকগৰাকীৰ মতে, অসমত যদি আত্মসংস্থাপনৰ সুযোগ-সুবিধা বা পৰিৱেশ থাকিলেহেতেন, তেতিয়াহ’লে এইসকল যুৱ-যুৱতী নিশ্চয় বাহিৰলৈ নগ’লহেতেন ৷ ৰাজ্য চৰকাৰে বিনামূলীয়া চাউল আৰু অৰুণোদয় আদি আঁচনি দিয়াৰ পিছৰে পৰা ৰাজ্যত ধান আৰু চাহ পাতৰ উৎপাদন হ্ৰাস পোৱাটো সৰ্বজনবিদিত৷ খেতিবাতিৰো উপযুক্ত পৰিৱেশ নাই ৷ কৃষি কৰ্মত চৰকাৰী সহায়-সমৰ্থন শূণ্য ৷ এনে অৱস্থাত বাহিৰাজ্যত সংস্থাপন বিচৰাৰ বিকল্প নাই ৷বিজেপি দলে ২০১৬ চনৰ বিধান সভা নৰ্বাচনৰ সময়ত জাৰি কৰা ‘দৃষ্টি পত্ৰ ২০১৬-২০২৫’ (Vision Document 2016-2025)ত বছৰি ২ লাখ কৰ্ম সংস্থাপন সৃষ্টিৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল বুলি উল্লেখ কৰি ভূঞাই কয় যে সেইবাৰ বিজেপি দলে আগবঢ়োৱা মূল ১০টা প্ৰতিশ্ৰুতিৰ এটা আছিল কৰ্মসংস্থাপন (Employment Generation)৷ কিন্তু বিজেপিৰ দিনত সৰ্বাথিক লোকে কৰ্মসংস্থাপন হেৰুৱাৰ ৰেকৰ্ড হৈছে ৷তেওঁ তথ্য দাঙি ধৰি কয় যে কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰ্যালয়ৰ অধীনস্থ National Sample Survey of India (NSSO)ৰ তথ্য মতে ২০১৫-১৬ বিত্ত বৰ্ষৰ পৰা বৰ্তমানলৈ বিগত ৭ বছৰত অসমৰ অসংগঠিত খণ্ডত ৪.৯৪ লাখ লোক কৰ্মহীন হৈছে ৷ অৰ্থাৎ স্বয়ং কেন্দ্ৰীয় চৰকাৰৰ এই তথ্যই অসমৰ এখন ভয়ংকৰ ছবি দাঙি ধৰিছে৷ অসম আৰু পশ্চিম বংগ সহ কিছুমান ৰাজ্যত কৰ্মসংস্থাপন নাইকীয়া হোৱাৰ বিপৰীতে মহাৰাষ্ট্ৰত ২৪ লাখ, গুজৰাটত ৭•৬২ লাখ, ওৰিশাত ৭•৬১ লাখ আৰু ৰাজস্থানত ৭•৫৬ লাখ লোকৰ বাবে নতুন কৰ্মসংস্থাপন সৃষ্টি হৈছে ৷ কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰ্যালয়ৰ উক্ত তথ্যই অসমৰ বিজেপি চৰকাৰৰ ব্যৰ্থতাক স্পষ্ট ৰূপত দাঙি ধৰিছে বুলি উল্লেখ কৰি ভূঞাই বছৰি ২ লাখ কৰ্মসংস্থাপন সৃষ্টিৰ প্ৰতিশ্ৰুতি পূৰণ কৰি তেওঁলোকক যথাশীঘ্ৰে উভতাই অনাৰ ব্যৱস্থা কৰিবলৈ বিজেপি চৰকাৰক দাবী জনায় ৷ তেওঁ লগতে উক্ত যুৱক-যুৱতীসকলক উভতাই আনিব নোৱাৰালৈকে কৰ্মসংস্থাপনৰ প্ৰয়োজনত অসমৰ বাহিৰত ৰাজ্যৰ কিমান সংখ্যক যুৱক-যুৱতী আছেগৈ, তাৰ তথ্য ভাণ্ডাৰ প্ৰস্তুত কৰি সেয়া ৰাজহুৱা কৰাৰ লগতে বিষয়টো তদাৰক কৰিবলৈ এটা সুকীয়া বিভাগ খুলিবলৈ দাবী জনায় ৷ বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতীসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ প্ৰয়োজনত সেই ৰাজ্যসমূহৰ চৰকাৰৰ ওপৰত হেঁচা দিবলৈ তথা তেওঁলোকৰ নিৰাপত্তা আৰু অন্য প্ৰয়োজনীয় দিশসমূহ চোৱাচিতা কৰিবলৈ সেই ৰাজ্যসমূহত ন’ডেল বিষয়া নিযুক্ত কৰিবলৈয়ো তেওঁ চৰকাৰক দাবী জনায় ৷ জাতীয় পৰিষদৰ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে কয় যে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতীসকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ সেই ৰাজ্যসমূহৰ চৰকাৰ আৰু দল-সংগঠনসমূহৰ সৈতে যোগাযোগ কৰি নিৰাপত্তাৰ এক সামাজিক বাতাবৰণ সৃষ্টি কৰিবলৈ তেওঁলোকৰ দলে প্ৰয়াস চলাব ৷ আনহাতে অসমত উপযুক্ত আত্মসংস্থাপন সৃষ্টিৰে জাতীয় অৰ্থনীতি গঢ়াৰ জাতীয় পৰিষদৰ অভিযানৰ অংশ স্বৰূপে দলে নিজা উদ্যোগত তেনে যুৱক-যুৱতীক যিমান সম্ভৱ উভতাই অনাৰ প্ৰচেষ্টা চলোৱাৰ লগতে ভৱিষ্যতলৈ ক্ষমতাৰ অংশীদাৰ হ’লে আত্মসংস্থাপনৰ পৰিৱেশ সৃষ্টিৰে মেধা আৰু কৰ্মশক্তিৰ বহিৰ্গমন ৰোধ কৰাৰ পৰিকল্পনা ৰূপায়ন কৰিব ৷