কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচন

pc. Times Of India

pc. Times Of India

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ ছয়মাইলস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচন সুন্দৰভাৱে অনুষ্ঠিত হৈ যায়৷বিগত দুটা বছৰে ক’ভিড কালিন পৰিস্থিতিৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নাছিল যদিও স্বাভাৱিক অৱস্থা হোৱাত নিৰ্বাচন অনুষ্ঠিত হয়৷ছাত্ৰ একতা সভাৰ বিজয়ী প্ৰাৰ্থীসকল -সভাপতি পদত পৰাগজ্যোতি দাস,উপ সভাপতি পদত মঞ্জিল বৰা,সহকাৰী সাধাৰণ সম্পাদক পদত মিন্টু তালুকদাৰ, বহিঃক্ৰীড়া সম্পাদক পদত মিছবাহুল হুছেইন,তৰ্ক বিভাগৰ সম্পাদক পদত প্ৰীতি ডেকা,সমাজসেৱক সম্পাদক পদত মহিবুল ইছলাম,ছাত্ৰী জিৰণি কোঠা সম্পাদক পদত বেবিমা বেগম আৰু সমাজসেৱা বিভাগৰ সম্পাদক পদত জোনমণি ডেকা৷বিজয়ী প্ৰাৰ্থী সকলক মহাবিদ্যালয়ৰ অধ্যক্ষা ড° শিখামণি কোঁৱৰে শুভেচ্ছা জ্ঞাপন কৰে৷