কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত Indian Art History Congress ৰ বক্তৃতানুষ্ঠান

কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত Indian Art History Congress ৰ বক্তৃতানুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা- ছয়মাইলস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ উদ্যোগত আজি Indian Art History Congress য়ে “Role of Art in Indian Freedom Movement” শীৰ্ষক এটি বক্তৃতানুষ্ঠান স্বৰ্গীয় ৰবীন দেৱ চৌধুৰীৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে অনুষ্ঠিত কৰে ৷ এই অনুষ্ঠানত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষা ড° শিখামণি কোঁৱৰ উপস্হিত থাকি অনুষ্ঠানটি তদাৰক কৰে৷ অনুষ্ঠানটিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপিকা ড° পাৰমীতা দাসে আদৰণি ভাষণ আগবঢ়ায়৷ ড° দীপেন কুমাৰ বৰাই Indian Art History Congressৰ জন্ম সম্পৰ্কে বক্তব্য প্ৰদান কৰে৷ ভাৰতৰ স্বাধীনতা লাভৰ ৭৫ বছৰীয়া অমৃত উৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা আজিৰ এই বক্তৃতানুষ্ঠানটিত বক্তা গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপিকা ড° বৰ্ণালী শৰ্মাই মূল বিষয়ৰ লগত সংগতি ৰাখি “Art and Nationalism in India” শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰি ভাৰতীয় কলাৰ এক বিশ্লেষণাত্মক ইতিহাস আগবঢ়ায়৷ ড° শৰ্মাই ঔপনিৱেশিক সময়ত গঢ় লোৱা ভাৰতীয় কলাৰ বিষয়ে মন্তব্য কৰি কয় যে লাহে লাহে ভাৰতীয় কলাৰ থলুৱা ৰীতিৰ অপসাৰণ ঘটিছিল আৰু বৃটিছৰ আমোলত পশ্চিমীয়া ৰীতিৰে ভাৰতীয় কলা আগবাঢ়িছিল৷ কিন্ত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত পুনৰ জাতীয়তাবাদৰ প্ৰভাৱত পৃ্ূৰ্বৰ ভাৰতীয় ৰীতি নতুন ৰূপেৰে কলাত প্ৰৱেশ কৰিছিল৷ বিভিন্ন চিত্ৰকৰে অংকন কৰা চিত্ৰত ভাৰতীয় জীৱন প্ৰতিফলিত হৈছিল ৷ এই অনুষ্ঠানটোৰ আঁত ধৰে মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড°মৰমী চৌধুৰীয়ে আৰু অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় সহকাৰী অধ্যাপিকা ড° কাশ্মীৰি গগৈ বৰুৱাই ৷