কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস

কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ ছয়মাইলস্হিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস ১৯ ছেপ্টেম্বৰত উদযাপন কৰা হয়৷ মহাবিদ্যালয় প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি আৰু শিক্ষা বিভাগৰ ংউদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা হস্তশিল্প আৰু এখনি খাদ্য প্ৰদৰ্শনীৰ আয়োজন কৰা হয় ৷ অনুষ্ঠানৰ আৰম্ভণিতে অধ্যক্ষা ড° শিখামণি কোঁৱৰে ১৯৮৮ চনত স্হাপিত মহাবিদ্যালয়খনৰ ঐতিহ্য বৰ্ণনা কৰে ৷ অধ্যক্ষা গৰাকীয়ে মহাবিদ্যালয়খনে কিদৰে বহু ঘাট-প্ৰতিঘাটৰ মাজেৰে মানৱ সম্পদ গঢ়াৰ পথত অৱদান আগবঢ়াই আহি বৰ্তমানৰ ৰূপ লৈছে সেই কথা ব্যক্ত কৰে৷ দীপশিখা কেন্সাৰ ফাউণ্ডেচনৰ “দীপশিখা ভ্ৰাম্যমান কৰ্কট ৰোগ চিনাক্তকৰণ” শাখাই মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰে ৷ ৷ স্বাস্থ্য পৰীক্ষা শিবৰত ডা° ধীৰেন দাস আৰু ‘দীপশিখা’ৰ কৰ্মচাৰীবৃন্দই সেৱা আগবঢ়ায়৷ মহাবিদ্যালয়খনৰ লগত আৰম্ভণিৰে পৰা ওতঃপ্ৰাতভাৱে জড়িত হৈ মহাবিদ্যালয়খনৰ উত্তৰণত অৱদান আগবঢ়াই অহা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী , কলেজ পৰিচালনা সমিতিৰ সভাপতি ড° হেমপ্ৰভা শইকীয়াক শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীবৃন্দই গামোচা আৰু বস্ত্ৰৰে সম্বৰ্ধনা জনায়৷