কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত নেত্ৰদান সম্পৰ্কীয় অনুষ্ঠান

কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত নেত্ৰদান সম্পৰ্কীয় অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰীয় নেত্ৰদান পষেক ২০২৩ উপলক্ষে ২ছেপ্টেম্বৰত ছয়মাইলস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া কলেজৰ প্ৰেক্ষাগৃহত ‘নিৰাময়’ৰ উদ্যোগত আৰু কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ দৰ্শণ বিভাগৰ সহযোগত নেত্ৰদানৰ এখন সজাগতা সভা অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়ায় মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° শিখামণি কোঁৱৰে। বক্তা হিচাবে নেত্ৰদানৰ ওপৰত বক্তব্য ৰাখে নিৰাময়ৰ সভাপতি কুশল ডেকাই। নেত্ৰদানৰ কাৰিকৰী দিশৰ বিষয়ে আলোকপাত কৰে গুৱাহাটী চিকৎসা মহাবিদ্যালয়ৰ নেত্ৰ ভঁৰালৰ দায়িত্বত থকা হীৰক জ্যোতি শৰ্মাই। ছাত্ৰ- ছাত্ৰী আৰু মহাবিদ্যালয়ৰ অধ্যাপক- অধ্যাপিকাসকলৰ লগত সুন্দৰ মত -বিনিময়ৰ মাজেৰে নেত্ৰদন সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয় সমূহ আলোচনা কৰা হয়। অনুষ্ঠানত মৰণোত্তৰভাৱে নেত্রদান সংকল্প পত্ৰত স্বাক্ষৰ কৰে মহাবিদ্যালয়খনৰ দৰ্শণ বিভাগৰ অধ্যাপক ড° নুৰুল ইছলামে আৰু কৰ্মচাৰী ভূপেন ডেকাই। লগতে সভাত উপস্থিত থকা আন চাৰি গৰাকী ব্যক্তিয়েও নেত্ৰদান সংকল্প পত্ৰত স্বাক্ষৰ কৰে। উক্ত অনুষ্ঠানটি আঁত ধৰে মহাবিদ্যালয়ৰ দৰ্শণ বিভাগৰ মুৰব্বী অধ্যাপিকা ড° মৰমী চৌধুৰীয়ে। ‘নিৰাময়’ৰ বিষয়ববীয়া সকলৰ লগতে কলেজখনৰ ছাত্ৰ-ছাত্ৰী , অধ্যাপক অধ্যাপিকা, কাৰ্যালয়ৰ কৰ্মচাৰীসকল উপস্হিত থাকি সভা খনৰ সৌষ্ঠৱ বৃদ্ধি কৰে। চমু ভাষণ আৰু শলাগৰ শৰাই আগবঢ়ায় দৰ্শন বিভাগৰ সহকাৰী অধ্যাপক ড° নুৰুল ইছলামে ৷