কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা

কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ ছয়মাইলস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ ২০২৩ বৰ্ষৰ নৱাগত আদৰণি সভাখন ২৬ আগষ্টত অনুষ্ঠিত হয় ৷ অসমৰ প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে অসমৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী তথা বৰ্তমানৰ কলেজ পৰিচালনা কমিটীৰ সভানেত্ৰী ড° হেমপ্ৰভা শইকীয়া আৰু অধ্যক্ষা ড° শিখামণি কোঁৱৰে৷ ড° হেমপ্ৰভা শইকীয়াই তেওঁৰ ভাষণত ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ কৰ্মৰে মহাবিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিবলৈ আহ্বান জনায়৷ অধ্যক্ষা ড° শিখামণি কোঁৱৰে নৱাগত সকলক উষ্ম আদৰণি জনোৱাৰ লগতে মহাবিদ্যালয়খনৰ ঐতিহ্য সম্পৰ্কে বক্তব্য প্ৰদান কৰে৷ অধ্যক্ষাগৰাকীয়ে এই আপাহতে অৱগত কৰে যে সুদীৰ্ঘ বছৰ ধৰি মহাবিদ্যালয়খনলৈ নিঃস্বাৰ্থভাৱে অৱদান আগবঢ়োৱাৰ কাৰণেই হয়তো যোৰহাটৰ চিনামৰা মহাবিদ্যালয়ৰ মহিলা কোষে তেওঁলৈ “স্বাধীনতা সংগ্ৰামী কুন্তেশ্বৰী দত্ত স্মাৰক বঁটা ” প্ৰদান কৰিবলৈ আগবাঢ়িছে ৷ উপাধ্যক্ষা ড° মৌচুমী বৰদলৈ হাজৰিকায়ে নৱাগত সকলক নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি২০২০ য়ে ছাত্ৰ- ছাত্ৰী সকললৈ আগবঢ়োৱা সুবিধা সমূহ লৈ ভৱিষ্যত জীৱনত আগবাঢ়ি যাবলৈ কয়৷সভাত মহাবিদ্যালয়ৰ ‘যুৱ টুৰিজিম ক্লাব’ৰ অধীনত অনুষ্ঠিত কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰা হয় ৷ অসম চৰকাৰৰ আহ্বানত কলেজ পৰিয়ালৰ মাজত বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে বীৰ লাচিত বৰফুকনৰ জীৱনৰ ওপৰত আধাৰিত ৰচনা প্ৰতিযোগিতাৰ ফলাফলো নৱাগত আদৰণি সভাতে ঘোষণা কৰা হয়৷ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে সহকাৰী অধ্যাপিকা ড° কাশ্মীৰী গগৈ বৰুৱাই, সহকাৰী অধ্যাপক ড° অনুপ ডেকা আৰু অসমীয়া বিভাগৰ ছাত্ৰী কংকনা দাসে যুটীয়াভাৱে দ্বিতীয় স্থান লাভ কৰে আৰু তৃতীয় স্হান লাভ কৰে সহকাৰী অধ্যাপক ড° বিজু ৰাজখোৱাই৷ উদগনিমূলক বঁটা আগবঢ়োৱা হয় অধ্যাপিকা ড° মৰমী চৌধুৰী আৰু কাৰ্যালয়ৰ জ্যেষ্ঠ কৰ্মচাৰী অনামিকা গগৈ দুৱৰালৈ৷অনুষ্ঠানতে কলেজ বুলেটিন ‘দ্য ৰিফলেক্সন’ উন্মোচন কৰে ড° হেমপ্ৰভা শইকীয়াই ৷ এই বছৰৰ ‘দ্য ৰিফলেক্সন’ৰ সম্পাদিকা হৈছে ড° দেইজী নাথ চৌধুৰী আৰু সহ-সম্পাদিকা ইন্দ্ৰানী কলিতা চৌধুৰী৷এইবছৰৰ শ্ৰেষ্ঠ নৱাগতা হিচাপে ছাত্ৰ মৈত্ৰভ অভিজ্ঞানম আৰু ছাত্ৰী ৰাজশ্ৰী কলিতাক নিৰ্বাচন কৰা হয়৷ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰিৱেশিত মহাবিদ্যালয় সংগীত পৰিৱেশনৰ লগে লগে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা নৃত্য-গীতৰ অনুষ্ঠান অনুষ্ঠিত হয়৷ নৱাগত আদৰণি সভাৰ সাংস্কৃতিক অনুষ্ঠানত গায়িকা দীপান্বিতা ডেকাই গীত পৰিৱেশন কৰি অনুষ্ঠানটি ৰঙীন কৰি তোলে৷