কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা- আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীৰ ছয়মাইলস্হিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত নেহেৰু যুৱ কেন্দ্ৰৰ সহযোগত ২১ জুনত যোগ দিৱস পালন কৰা হয় ৷ পুৱা মহাবিদ্যালয়ৰ অধ্যক্ষা ড° শিখামণি কোৱঁৰে মানৱ দেহত যোগ অভ্যাসে প্ৰত্যক্ষভাৱে পেলোৱা প্ৰভাৱৰ বিষয়ে বক্তব্য দাঙি ধৰে ৷ তেওঁ মন্তব্য কৰে যে নিয়মিতভাৱে মানুহে যোগ অভ্যাস অব্যাহত ৰাখিলে শৰীৰ সুস্হ-সবল আৰু নিৰোগী হয় ৷ NEP-2020ত যোগকো এটা বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে বাবে অধ্যক্ষা ড° শিখামণি কোঁৱৰে ছাত্ৰ-ছাত্ৰী আৰু অন্যান্যসকলেও যোগ সম্পৰ্কীয় বিষয়ত শিক্ষা গ্ৰহণ কৰাটো প্ৰয়োজনীয় বুলি মন্তব্য আগবঢ়ায় ৷ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আচঁনি গোটৰ তত্বাৱধায়ক তথা দৰ্শন বিভাগৰ অধ্যাপক ড° নুৰুল ইছলামৰ পৰিচালনাত যোগ দিৱস পালন কৰা হয়৷ এই অনুষ্ঠানত শিক্ষক-শিক্ষয়িত্ৰী আৰু বহু সংখ্যক ছাত্ৰ-ছাত্ৰী উপস্হিত থাকে ৷