কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত ” ইতিবাচক চিন্তাৰ প্ৰভাৱ” শীৰ্ষক বক্তৃতানুষ্ঠান

কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত ” ইতিবাচক চিন্তাৰ প্ৰভাৱ” শীৰ্ষক বক্তৃতানুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ ছয়মাইলস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত স্বৰ্গীয় উমা চৰণ বণিয়াৰ ৯২ সংখ্যক ওপজা দিন উপলক্ষে ১৩ ছেপ্টম্বৰত এটি বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ অধ্যক্ষা ড° শিখামনি কোঁৱৰ , উমাচৰন বণিয়াৰ পৰিয়ালবৰ্গ আৰু কলেজ পৰিয়ালে মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰত স্বৰ্গীয় উমাচৰণ বণিয়াৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে ৷ অধ্যক্ষা ড° শিখামণি কোঁৱৰে উমাচৰণ বণিয়াৰ বিষয়ে বক্তব্য দাঙি ধৰে ৷ “ইতিবাচক চিন্তাৰ প্ৰভাৱ”(Power of Positive Thinking) বিষয়ত বক্তৃতা প্ৰদান কৰি যোগ গুৰু ব্ৰহ্মকুমাৰী বি. কে. সংহিতাই মন্তব্য কৰে যে ইতিবাচক মানসিকতাই এজন ব্যক্তিক সকলো বাধা, দুৰ্ভোগ, অশান্তি আদি ঋণাত্মক পৰিস্থিতিৰ পৰা মুক্তি দিব পাৰে , ইতিবাচক চিন্তা চৰ্চাই মানসিক জগতখন পোহৰাই তুলিব পাৰে।সু চিন্তাই যি ধৰণে আমাক ভাল কাম কৰিবলৈ অনুপ্ৰেৰণা দিয়ে ঠিক একেদৰে কু চিন্তাই আমাক কু কাৰ্য্য কৰিবলৈ বাধ্য কৰায়। মন, শৰীৰ তথা এখন সুস্থ সমাজ গঢ়াত ইতিবাচক চিন্তাই মূখ্য ভূমিকা পালন কৰে।পুথিভঁৰালৰ গ্ৰন্থগাৰিকা গীতিকা দাস আৰু পুথিভঁৰালৰ সহকাৰী ৰীতামনি গোহাঁইয়ে আয়োজন কৰা অনুষ্ঠানটিৰ আঁত ধৰে সহকাৰী অধ্যাপক ড°নুৰুল ইছলামে ৷ অনুষ্ঠানটিত ছাত্ৰ ছাত্ৰী সকলে গীত মাত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে৷