কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহ- বঁটা বিতৰণী সভা

কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহ- বঁটা বিতৰণী সভা

ৰঙিলী বাৰ্ত্তাসেৱা-  কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ ২০২৩-২৪ বৰ্ষৰ মহাবিদ্যালয় সপ্তাহ ৫ ফ্ৰেব্ৰুৱাৰীৰ পৰা আৰম্ভ হয়৷ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° শিখামণি কোঁৱৰে ৫ ফ্ৰেব্ৰুৱাৰীৰ পুৱা মহাবিদ্যালয়ৰ পতাকা উত্তোলনেৰে মহাবিদ্যালয় সপ্তাহৰ শুভাৰম্ভণী কৰে ৷ ইয়াৰ পাছতে বিভিন্ন বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে সাংস্কৃতিক শুভাযাত্ৰাত অংশগ্ৰহণ কৰে ৷ মহাবিদ্যালয় সপ্তাহৰ বিভিন্ন খেল-ধেমালি আৰু সাংস্কৃতিক বিভাগৰ প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰীসকলে অংশ গ্ৰহণ কৰে ৷ ১০ ফ্ৰেব্ৰুৱাৰীত মহাবিদ্যালয় সপ্তাহৰ বঁটা বিতৰণী সভাখনি অনুষ্ঠিত হয়৷বন্তি প্ৰজ্বলন আৰু ছাত্ৰী দেৱীষ্মীতা বৰুৱাৰ দ্বাৰা পৰিৱেশিত এটি বৰগীতেৰে অনুষ্ঠানটিৰ আৰম্ভণি হয় ৷ সভাত মহাবিদ্যালয়ৰ ২০-২১ আৰু ২১-২২ বৰ্ষৰ ত্ৰয়োবিংশতিতম আৰু চতুৰ্বিংশতিতম সংখ্যক মুখপত্ৰ ‘বাখৰ’ উন্মোচন কৰে কলেজ পৰিচালনা সমিতিৰ সভাপতি , অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ড° হেমপ্ৰভা শইকীয়াই ৷ তেওঁ ভাষণত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন দিশত সফলতাৰে আগবাঢ়ি যোৱাত সন্তোষ প্ৰকাশ কৰে ৷ ‘বাখৰ’ৰ তত্বাৱধায়ক আছিল অধ্যাপিকা ইন্দ্ৰানী গগৈ পানীফুকন আৰু ড° মৰমী চৌধুৰী আৰু সম্পাদক হৈছে ছাত্ৰ নয়নজ্যোতি সোণোৱাল ৷ অধ্যক্ষা ড° শিখামণি কোঁৱৰে তেওঁৰ ভাষণত ছাত্ৰ-ছাত্ৰীসকলক খেল ধেমালিৰ গুৰুত্ব আৰু শৃংখলাবদ্ধতাৰ বিষয়ে অৱগত কৰে ৷ লগতে অধ্যক্ষাগৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ একাগ্ৰতা আৰু কষ্ট সহিষ্ণুতাৰ প্ৰয়োজনীয়তা সম্পৰ্কে নিজৰ অভিমত ব্যক্ত কৰে ৷ মহাবিদ্যালয়ৰ দুগৰাকী ছাত্ৰীৰ অসম লোকসেৱা আয়োগৰ কৰ্মত নিযুক্তি লাভ আৰু আন দুগৰাকী ছাত্ৰীৰ ভাৰতৰ ৭৫ সংখ্যক গণতন্ত্ৰ দিৱসৰ পেৰেডত অংশ গ্ৰহণত অধ্যক্ষা ড° শিখামণি কোঁৱৰে সন্তোষ প্ৰকাশ কৰে। সভাত মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ দুগৰাকী ছাত্ৰী দ্বীপশিখা বৈশ্য আৰু বিজয়া দেৱীয়ে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈ কৰ্মসংস্থাপন লাভ কৰি মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে কলেজ পৰিয়ালে এই অনুষ্ঠানতে তেওঁলোকক ফুলাম গামোচা আৰু এখনি মানপত্ৰৰে সম্বৰ্দ্ধনা জনায় ৷ ভাৰতৰ ৭৫ সংখ্যক গণতন্ত্ৰ দিৱসৰ পেৰেদত অংশ গ্ৰহণ কৰা মহাবিদ্যালয়ৰ দুগৰাকী ছাত্ৰী হিমাশ্ৰী চৌধুৰী আৰু নিকিতা গোস্বামীকো এই অনুষ্ঠানত সম্বৰ্দ্ধনা জনোৱা হয় ৷ মহাবিদ্যালয়ৰ বিভিন্ন খেল ধেমালি আৰু সাংস্কৃতিক অনুষ্ঠানত স্হান লাভ কৰা ছাত্ৰ-ছাত্ৰীক বঁটা প্ৰদান কৰা হয় ৷ সাংস্কৃতিক শোভাযাত্ৰাত ১ম স্হান লাভ কৰে মনোবিজ্ঞান বিভাগে , ২য় স্বান লাভ কৰে বাণিজ্য বিভাগে আৰু তৃতীয় স্হান লাভ কৰে ৰাজনীতি বিজ্ঞান বিভাগে ৷ শ্ৰেষ্ঠ গায়কৰ সন্মান লাভ কৰে ছাত্ৰ বিষ্ণুৰাত বৰাই৷শ্ৰেষ্ঠ নিত্য শিল্পীৰ স্হান লাভ কৰে ছাত্ৰ বিজু বড়োয়ে৷মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়ত্ৰিয়ে সাংস্কৃতিক অনুষ্ঠানত বিভিন্ন গীত-মাত আৰু নৃত্য গীতত অংশগ্ৰহণ কৰে ৷ সাংস্কৃতিক সন্ধিয়াত অসম চৰকাৰৰ সাংস্কৃতিক মহাসংগ্ৰামৰ ৰাজ্যিক প্ৰথম পুৰস্কাৰপ্ৰাপ্ত শিল্পী মৰমী শৰ্মাই কেইবাটাও গীত পৰিৱেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে ৷