কৰ্মই আমাৰ ধৰ্ম – আয়নাল হক

PC - People Matters
কৰ্মই আমাৰ ধৰ্ম
আয়নাল হক, ধুবুৰী 
পাম পাম বুলি
হাত সাৱটি বহি থাকিলে
প্ৰাপ্তি জানো আহিব নিজে নিজে ?
এবাৰ দুবাৰ ব্যৰ্থ হ’লোঁ বুলি
ভাগ্যক ধিয়াই থাকিলে
ভাগ্য পৰিৱৰ্তন নহয় কোনোদিনে।
সফলতা আহিব কৰ্মৰ দ্বাৰা
সপোন পূৰ্ণ হ’ব চেষ্টাৰ দ্বাৰা
তেনে হতাশ কিয় হ’ব লাগে ?
হেঁপাহতে থাকে কৰ্মৰ প্ৰেৰণা।
সাহস আৰু উদ্যমেই আনে কৰ্ম-দক্ষতা।
বিফলতাক প্ৰশ্ৰয় দি
কৰ্ম বিমুখ হ’লে
ভাগ্য নিজে নিজে নগঢ়ে।
কৰ্মই আমাৰ প্ৰকৃত মূলধন।
কৰ্মই হ’ল সফলতাৰ চাবিকাঠী।
মনৰ দৃঢ়তাৰে আগবাঢ়ি
জীৱনৰ লক্ষ্যত উপনীত হ’বলৈ
মানি ল’বই লাগিব
কৰ্মই আমাৰ ধৰ্ম বুলি।
তেতিয়াহে উদয় হ’ব
ভাগ্যৰ ৰক্তিম বেলি
আৰু বুকু ফিন্দাই ক’ব পাৰিম
কৰ্মতে উজ্বলে
জীৱনৰ সেন্দূৰীয়া আলি।