কৰ্তব্যৰত সাংবাদিকৰ ওপৰত স্পৰ্শকাতৰ আইনৰ মিছা ধাৰা জাপি দিয়া ষড়যন্ত্ৰৰ বিৰুদ্ধে সৰৱ অসম জাতীয় পৰিষদ
‘জনগোষ্ঠীয় সুৰক্ষা আইনক দমনৰ হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে’
চৰকাৰৰ বিৰুদ্ধে গোষ্ঠীগত সংঘাত সৃষ্টিৰ ষড়যন্ত্ৰ ৰচাৰ অভিযোগ
ৰঙিলী বাৰ্ত্তাসেৱা- “ক্ষমতাত মদমত্ত হিমন্ত বিশ্ব শৰ্মাই কৰ্তব্যৰত সাংবাদিকক গ্ৰেপ্তাৰ কৰি ঐতিহাসিক ভুল কৰিলে।” – এই বক্তব্য অসম জাতীয় পৰিষদৰ। সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক বিনা দোষত গ্ৰেপ্তাৰ কৰি তেওঁৰ ওপৰত কঠোৰ আইনৰ ধাৰা মিছাকৈ জাপি দিয়া সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক প্ৰেছ বিজ্ঞপ্তিত কয়, “সাংবাদিকগৰাকীৰ বিৰুদ্ধে অনুসূচীত জাতি আৰু জনজাতি (নিস্পেষণ প্ৰতিৰোধ) আইনৰ ধাৰা আৰক্ষীয়ে মিছাকৈ জাপি দি গুৰুতৰ অপৰাধ কৰিছে। সাংবাদিকগৰাকীয়ে যে কোনো জনগোষ্ঠীয় লোকক অপমান কৰা নাছিল, সেয়া আদালতত প্ৰতীয়মান হ’ল। আৰক্ষীয়ে তেওঁলোকৰ অভিযোগ আদালতত প্ৰমাণ কৰিব নোৱাৰিলে। গতিকে সাংবাদিকগৰাকীয়ে জামিন লাভ কৰিলে। এয়া আশাৰ বতৰা। কিন্তু আৰক্ষীয়ে যিদৰে সাংবাদিকগৰাকীৰ বিৰুদ্ধে এখন স্পৰ্শকাতৰ আইনৰ ধাৰা মিছাকৈ জাপি দি সাংবাদিকগৰাকীক অপৰাধী সজাব খুজিছিল, সেইটো ভয়ানক। এই কাণ্ডৰ আঁৰত ৰাজ্যত ভয়ানক গোষ্ঠীগত সংঘাত সৃষ্টি কৰাৰ ষড়যন্ত্ৰ লুকাই আছে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে জনজাতীয় লোকক নিস্পেষণৰ পৰা সুৰক্ষা দিবলৈ প্ৰণীত উক্ত স্পৰ্শকাতৰ আইনখনক ৰাজনৈতিক দমনৰ হথিয়াৰ হিচাপে ব্যৱহাৰ কৰাটো দুৰ্ভাগ্যজনক।”হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰু তেওঁৰ দ্বাৰা পৰিচালিত গৃহ বিভাগৰ অধীনস্থ অসম আৰক্ষীক চৰকাৰে নিজৰ ৰাজনৈতিক এজেণ্ডা পূৰণৰ হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰাৰ এয়া আন এটা প্ৰমাণ বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই লগতে কয় যে সাংবাদিগৰাকীক বিনা দোষত গ্ৰেপ্তাৰ কৰি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে পুনৰ স্বৈৰতন্ত্ৰিকতাৰ পৰিচয় দিলে। এই ঘটনা সমসাময়িক সময়ৰ বাক স্বাধীনতা আৰু মত প্ৰকাশৰ স্বাধীনতাৰ ওপৰত তথা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ ওপৰত পোনপটীয়া আক্ৰমণ। চৰকাৰৰ এই বেআইনী কামে প্ৰথমবাৰৰ বাবে অসমৰ সৎ, কৰ্তব্যনিষ্ঠ, সাংবাদিকতাৰে দেশ-জাতি-মাটিৰ সেৱা কৰিম বুলি ওলাই অহা, ফিল্ডৰ সাংবাদিকসকলক ঐক্যৱদ্ধ কৰিলে। বিজেপিৰ ফেচিষ্ট শাসনৰ বিৰুদ্ধে সংবাদ জগতৰ বৃহৎ অংশ এটা বহু দিন ধৰি অসন্তুষ্ট হৈ পৰিছিল যদিও বিভিন্ন কাৰণত প্ৰকাশ কৰিব পৰা নাছিল, কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰতিবাদমুখৰ কৰি তুলিলে সাংবাদিকসকলক । বহু সংবাদ মাধ্যমৰ মালিক বিজেপি চৰকাৰৰ ‘বন্ধু’ হৈ পৰাৰ পাছতো, চৰকাৰখনৰ সকলোৰে প্ৰতি দমনমূলক আচৰণৰ পাছতো , সাংবাদিকৰ পৰা মালিকলৈকে বৃহৎ অংশ এটাক মনিব নোৱাৰা সুতাৰে ‘বান্ধি’ ৰখাৰ পাছতো, কোনোৱে মাত মাতিব নোৱাৰা পৰিৱেশতৰ মাজতো, আজিৰ সাংবাদিকৰ আন্তৰিকতাপূৰ্ণ প্ৰতিবাদে প্ৰমাণ কৰিলে যে মানুহৰ এইখন দমনকাৰী চৰকাৰৰ বিৰুদ্ধে ভয় ভাগিল। এই গ্ৰেপ্তাৰ আৰু সৰ্বস্তৰৰ জনগণৰ চৰকাৰৰ এই স্বৈৰতান্ত্ৰিক কামৰ বিৰুদ্ধে স্বতস্ফূৰ্ত জাগৰণে এই সময়ত সমাজলৈ বহু তাৎপৰ্যপূৰ্ণ বাৰ্তা কঢ়িয়াই আনিছে। বৰ্ণবাদী হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ য’তে ত’তে ‘নিপীড়িত জাতি’, ‘জনজাতি’ৰ ভিক্টিম কাৰ্ড খেলাৰ কূটনীতিও বুমেৰাং হৈ গ’ল। দলৰ ৰাজ্যৰ সংশ্লিষ্ট সকলোকে এই ঐতিহাসিক জাগৰণত ইতিবাচক সহযোগিতা কৰিবলৈ অনুৰোধ জনাই গগৈ আৰু বূঞাই সকলো জাতীয়, জনগোষ্ঠীয়, সোঁপন্থী-বাঁওপন্থী সংগঠন আৰু বিৰোধী দলে সাংবাদিকৰ এই ঐতিহাসিক জাগৰণক আন্তৰিকতাৰে সমৰ্থন আৰু সহযোগিতা কৰা উচিত বুলি মত প্ৰকাশ কৰে।